Police operation against drunk and drive : তালাচীৰ মাজতে ৰঙিয়াত আৰক্ষী সঞ্চালক প্ৰধান

By

Published : Dec 27, 2022, 10:04 AM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

ইংৰাজী নৱবৰ্ষলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । ৰাজ্যবাসী সাজু হৈছে নৱবৰ্ষক আদৰিবলৈ (New year preparation)। আনহাতে এই সময়চোৱাত পথ দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে সষ্টম হৈছে অসম আৰক্ষী । ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে আৰক্ষীয়ে বিশেষ অভিযান আৰম্ভ কৰিছে । দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে ৰাইজক সজাগ কৰাৰ লগতে নিয়ম ভংগকাৰী চালকৰ বিৰুদ্ধেও কঠোৰ হৈছে আৰক্ষী (Police operation against drunk and drive)। বিশেষকৈ সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰ হোৱা দেখা গৈছে অসম আৰক্ষীক । কামৰূপ জিলাৰ ৰঙিয়াতো আৰক্ষীয়ে ৰাজপথত তালাচী আৰম্ভ কৰিছে । যান-বাহনসমূহৰ নথিপত্ৰ তন্নতন্নকৈ পৰীক্ষা কৰিছে আৰক্ষীয়ে । এনে এক তালাচীৰ মাজতে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত হঠাত্‍ উপস্থিত হ'ল ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত (Assam DGP in Rangia amidst police search operation)। আৰক্ষীৰ অভিযান পৰ্যৱেক্ষণ কৰাৰ লগতে নৱবৰ্ষ উদযাপনৰ সময়ত সজাগ হ'বলৈ ৰাইজক আহ্বান জনাই আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে । লগতে সুৰাপান কৰি বাহন নচলাবলৈ আৰক্ষী সঞ্চালকগৰাকীয়ে আহ্বান জনায় । আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ সৈতে কামৰূপৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ো উপস্থিত থাকে ।

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.