Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণে অসমীয়া জাতিক সুৰক্ষিত নকৰে - AGP
🎬 Watch Now: Feature Video
ডিব্ৰুগড়,21 জুন: সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ নিৰ্বাচন আয়োগে প্ৰথমখন খচৰা প্ৰকাশৰ পিচতে ৰাজ্যৰ কেইবাটাও বিধানসভা সমষ্টি বিলুপ্তি ঘটা লগে লগে আন কিছু সমষ্টি নতুনকৈ গঠন হোৱা পৰিলক্ষিত হৈছে । কেইবাজনো বিধায়কৰ ৰাজনৈতিক ভৱিষ্যত অনিশ্চয়তাৰ মাজত সোমাই পৰা সমান্তৰাল ভাৱে কিছু সমষ্টি নোহোৱা বিষয়টোক সহজে মানি ল'ব পৰা নাই সমষ্টিৰ ৰাইজে ।
সমষ্টি পুনৰ ৰ্নিধাৰণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সমগ্ৰ প্ৰক্ৰিয়াটোক বিৰোধিতা কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। ‘সমষ্টি পুনৰ নিৰ্ধাৰণে অসমীয়া জাতিক সুৰক্ষিত নকৰে ৷ কেইটামান বছৰৰ কাৰণে ৰাজনৈতিক ভাবে সুৰক্ষিত হ’ব শাসনাধিষ্ঠ ৰাজনৈতিক দল ৷ ৰাজনৈতিক দল ৰাজনৈতিক ভাবে সুৰক্ষিত মানে জাতি সুৰক্ষিত নহয় ৷’ এই মন্তব্য অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইৰ ।
লগতে পঢ়ক:Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণ ফলত কোন কোন মন্ত্ৰী-বিধায়ক হ’ব সমষ্টিবিহীন ?