CM on Delimitation: পূৰ্ণাংগ তালিকা সন্দৰ্ভত তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰদানৰ পৰা বিৰত মুখ্যমন্ত্ৰী - মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
🎬 Watch Now: Feature Video
নিউজ ডেস্ক, 11 আগষ্ট: সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পাচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ শুকুৰবাৰে আমিনগাঁৱত এক অনুষ্ঠানত অংশ লৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্ণাংগ তালিকা মই এতিয়াও চোৱা নাই বুলি উল্লেখ কৰি তেওঁ তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰা বিৰত থাকে ৷ তেওঁ কয় যে গোটেই তালিকাখন অধ্যয়ন কৰি মই পৰহিলৈ সম্পূৰ্ণ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিম ৷
19 সমষ্টিৰ নাম সলনি কৰা সন্দৰ্ভত তেওঁ কয় যে অসমৰ ৰাইজৰ অনুভূতিৰ প্ৰতি সন্মান জনাই কেবিনেটৰ সিদ্ধান্ত মৰ্মে বহুকেইটা সমষ্টিৰ নাম সলনি কৰিবলৈ নিৰ্বাচন আয়োগক পৰামৰ্শ প্ৰদান কৰা হৈছিল ৷ ইয়াৰে কিছু আয়োগে মানিছে, কিন্তু কিছু পৰামৰ্শ আয়োগে কাৰ্যকৰী কৰা নাই ৷ উল্লেখ্য যে শুকুৰবাৰে প্ৰকাশ পোৱা তালিকাত 19 টা বিধানসভা সমষ্টিৰ নাম সলনি কৰাৰ লগতে 1 এটা লোকসভা সমষ্টিৰ নামো সলনি কৰা হৈছে ৷