CM in Dibrugarh : পূজা সমিতিলৈ আৰ্থিক সাহাৰ্য চৰকাৰৰ - আৰ্থিক সাহাৰ্য
🎬 Watch Now: Feature Video
Published : Oct 16, 2023, 11:01 PM IST
ডিব্ৰুগড়, 16 অক্টোবৰ : সমাগত শাৰদীয় দুৰ্গা পূজা ৷ দুৰ্গা পূজাৰ প্ৰাকক্ষণত পূজা সমিতি সমূহলৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে পূজা অনুষ্ঠিত কৰিবলৈ পূজা সমিতি সমূহক আৰ্থিকভাৱে চৰকাৰে সহায় কৰিব বুলি ঘোষণা কৰে ৷
মঙলবাৰে অনুষ্ঠিত হ’বলগা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত তিনি বছৰ পুৰণি পূজা সমিতি সমূহলৈ বিশেষ আৰ্থিক সাহাৰ্য ঘোষণা কৰা হ'ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে এইবাৰ ৰাস উৎসৱ অনুষ্ঠিত কৰা সমিতি সমূহক আৰু অহা বৰ্ষৰ পৰা কৰম পূজা অনুষ্ঠিত কৰা সমিতি সমূহকো আৰ্থিক সাহাৰ্য দিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ৰাজ্যৰ পৰা চান্দা সংস্কৃতি বন্ধ কৰাৰ বাবে ৰাজ্য চৰকাৰে কেবিনেটৰ জৰিয়তে এই সিদ্ধান্ত গ্ৰহণ কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
লগতে পঢ়ক : Microfinance Loan Relief Assam : মুখ্যমন্ত্ৰীয়ে হাত দাঙিলে, মাইক্ৰ'ফাইনেন্সৰ ঋণ নল'বলৈ আহ্বান মহিলাসকলক