thumbnail

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 7:15 PM IST

ETV Bharat / Videos

APDCL employee electrocuted: শক্তি বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি হেজেলবেংক বিদ্যুৎ উপ-কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

ডিব্ৰুগড়, ৬ ছেপ্টেম্বৰ: ডিব্ৰুগড়ৰ লাহোৱাল হেজেলবেংক বিদ্যুৎ উপ-কেন্দ্ৰত মঙলবাৰে নিশা এজন অস্থায়ী কৰ্মচাৰী বিদ্যুৎ পৰিবাহী তাঁৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু হোৱাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় । হেজেলবেংক বিদ্যুৎ উপ-কেন্দ্ৰৰ অস্থায়ী কৰ্মচাৰী প্ৰশান্ত দাসে বিদ্যুতৰ খুঁটাৰ ওপৰত কাম কৰি থকা সময়তে হঠাৎ বিদ্যুৎ পৰিবাহী তাঁৰত বিদ্যুৎপৃষ্ট হৈ আহত হয় । আহত প্ৰশান্ত দাসক ডিব্ৰুগড়ৰ মেডিকেল কলেজ আৰু হাস্পতাললৈ নিয়া অৱস্থাতেই মৃত্যু হয় ।

অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ কৰ্মচাৰী প্ৰশান্ত দাসৰ মৃত্যুৰ খবৰ জন্ম গাওঁ ৰহমৰীয়াত বিয়পি পৰাৰ লগে লগে হেজেলবেংক বিদ্যুৎ উপ-কেন্দ্ৰত শতাধিক ৰাইজ সমবেত হৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে । হেজেলবেংক বিদ্যুৎ উপ-কেন্দ্ৰত কেইবাঘন্টা ধৰি সমবেত হৈ থকা ক্ষুদ্ধ ৰাইজে প্ৰশান্ত দাসৰ মৃত্যুক ন্যায়িক তদন্তৰ লগতে প্ৰশান্ত দাসৰ পৰিয়ালক ৫০ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ দাবী তোলে ।

ক্ষুদ্ধ ৰাইজে দাবী পূৰণ নকৰিলে প্ৰশান্ত দাসৰ গৃহ গাওঁ ৰহমৰীয়াৰ ৰাইজে মৃতদেহ গ্ৰহণ নকৰাৰ হুংকাৰ প্ৰদান কৰে । ৰাইজৰ অভিযোগ হেজেলবেংক বিদ্যুৎ উপ-কেন্দ্ৰৰ কৰ্মীৰ গুৰুত্বহীনতাৰ বাবেই মৃত্যু হৈছে প্ৰশান্ত দাসৰ । আনকি কৰ্মচাৰীজনৰ মৃত্যুৰ পাচতো বিভাগৰ কোনো বিষয়াই খবৰ নোলোৱাৰ অভিযোগ কৰিছে ।

লগতে পঢ়ক: Man dies after hit by train: গুৱাহাটীৰ তেতেলীয়াত ৰে’লৰ খুন্দাত অধ্যাপক নিহত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.