মৰিগাঁৱত ৬৩৭ গৰাকী মেধাৱীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান - award distribution ceremony in Morigaon
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16308081-801-16308081-1662556116962.jpg)
মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই(CM Dr Himanta Biswa Sarma distributes cheque)বুধবাৰে গুৱাহাটী মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে আয়োজিত (Srimanta Sankaradeva Kalakshetra)২০২২ বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুস্থানত ভাগ লৈ মুকলি কৰিলে বঁটা প্ৰদানৰ কাৰ্যসূচী (Anundoram Borooah award distribution ceremony) । ইয়াৰ পাছতে অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগ, মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু মৰিগাঁও জিলা শিক্ষা বিভাগৰ সহযোগত ৰাজ্য়ৰ আন জিলাৰ লগতে মৰিগাঁৱতো এই বঁটা প্ৰদান কৰা হয় । উল্লেখ্য় যে ২০২২বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ প্ৰাপ্ত মেধাৱী ছাত্ৰ -ছাত্ৰীক এই বঁটা প্ৰদান কৰা হৈছে । মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্তই(Minister Keshav Mahanta)বঁটাৰ ধনৰাশিৰ লগতে প্ৰমাণ প্ৰত্ৰ প্ৰদান কৰে । জিলাখনৰ মুঠ ৬৩৭ গৰাকী মেধাৱীক বঁটা প্ৰদান কৰা হয় । আজিৰ এই বঁটা প্ৰদান অনুষ্ঠানত উপায়ুক্ত দেবাশীষ শৰ্মা, বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া বুলি গগৈ ভূঞা উপস্থিত থাকে । ছাত্ৰ ছাত্ৰীলৈ শৈক্ষিক উৎকৰ্ষৰ প্ৰেৰণা যোগাই আনুষ্ঠানিক ভাৱে ৭ গৰাকী শিক্ষাৰ্থীক প্ৰমাণ প্ৰত্ৰ প্ৰদান কৰে ।
Last Updated : Feb 3, 2023, 8:27 PM IST