Ration Card Distribution: মধ্যবিত্ত পৰিয়ালসহ ৰাজ্যৰ 10 লাখ পৰিয়াললৈ নতুনকৈ ৰেচন কাৰ্ড; ঘোষণা মুখ্যমন্ত্ৰীৰ - Announcement to provide New ration cards

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 8:51 PM IST

গুৱাহাটী, ৪ নৱেম্বৰ : দুখীয়াৰ লগতে মধ্যবিত্ত পৰিয়ালৰ বাবে সুখবৰ ৷ এতিয়াৰ পৰা মধ্যবিত্ত পৰিয়ালেও লাভ কৰিব ৰেচন কাৰ্ড ৷ এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ শনিবাৰে এক সংবাদমেলৰ জৰিয়তে এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই ৷

মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘‘অহা ডিচেম্বৰত অসম চৰকাৰে অসমৰ 10 লাখ পৰিয়ালক নতুনকৈ ৰেচন কাৰ্ড বিতৰণ কৰিম ৷ নতুন ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলক বিধানসভা সমষ্টিবোৰত সভা অনুষ্ঠিত কৰি বিতৰণ কৰা হ'ব ৷ ৰাজ্য চৰকাৰে এতিয়ালৈকে অসমৰ 40 লাখ পৰিয়ালক ৰেচন কাৰ্ড বিতৰণ কৰিছে ৷ এইবাৰৰ পৰা বছৰি 4 লাখ 40 হাজাৰ ভিতৰত আয় কৰা লোকসকলকো এই ৰেচন কাৰ্ড বিতৰণ কৰা‌ হ’ব ৷’’

তেওঁ কয়, ‘‘পূৰ্বতে 2.5 লাখ বা তাতকৈ কম আয়ৰ লোকসকলকহে ৰেচন কাৰ্ড বিতৰণ কৰা‌ হৈছিল ৷ ৰেচন কাৰ্ড থকা লোকসকলক 5 লাখ টকাকৈ স্বাস্থ্য বীমা আগবঢ়োৱা হ'ব‌ ৷ ’’

লগতে পঢ়ক:Assam Govt to Subsidised Tea : ৰেচন কাৰ্ড থকাসকলে পাব ৰাজসাহায্যযুক্ত চাহ; অসম চৰকাৰৰ ঘোষণা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.