Raghav Movie Boycott Trend: ৰাঘৱে অসমীয়া ছবিক অন্য এক গতি প্ৰদান কৰিলে; আঙুৰলতা ডেকা - Angoorlata Deka raghav comment

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 7:40 PM IST

গুৱাহাটী, ৫ নৱেম্বৰ : নতুন অসমীয়া ছবি ৰাঘৱে সামাজিক মাধ্যমত কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ । এই সন্দৰ্ভত আজি নিজৰ মন্তব্য আগবঢ়ায় অভিনেত্ৰী তথা বিজেপি নেত্ৰী আঙুৰলতা ডেকাই ।

বিজেপি নেত্ৰীগৰাকীয়ে কয়, ‘‘যতীন বৰা অভিনীত ৰাঘৱ ছবিখন মোৰ চাই ভাল লাগিছে, মই সকলোকে চাবলৈ কৈছোঁ । ৰাঘৱ এখন ভাল ছবি । সেই সময়ৰ সম-সাময়িক অভিনেতাসকলৰ ভিতৰত যতীন বৰা নম্বৰ ৱান । যতীন বৰাই আশা কৰাতকৈ বহুত বেছি ভাল অভিনয় কৰিছে ৰাঘৱত ।’’

অসমীয়া চিনেমাৰ গ্ৰাফডাল পুনৰ উৰ্ধগামী হৈছে বুলি মন্তব্য কৰি আঙুৰলতা ডেকাই কয় যে এখন চিনেমাই যদি অসমীয়া সমাজখনক প্ৰতিনিধিত্ব কৰি আছে, তেনেহ’লে সেইখনক লৈ ঋণাত্মক সমালোচনা হ’ব নালাগে ।

অসমৰ সাংস্কৃতিক জগতখনত যতীন বৰাৰ যথেষ্ট অৱদান আছে । যতীন বৰা এগৰাকী সাংস্কৃতিক কৰ্মী হিচাবে এই ছবিখন দৰ্শকে চাব লাগে । অসমৰ ৰাইজেই অসমীয়া ছবিৰ এনেদৰে বিৰোধিতা কৰিলে অন্য ৰাজ্যই আমাক হাঁহিব । কোনে কি মন্তব্য কৰিছে তাক লৈ তেওঁৰ ক’বলগীয়া একো নাই বুলিও মন্তব্য কৰে অভিনেত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : Raghav Boycott Trend : ৰাঘৱক লৈ সৃষ্টি হোৱা পৰিৱেশে ভীতিগ্ৰস্ত কৰিছে বৰষা ৰাণী বিষয়াক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.