Swiss Massage Championship 2023 : আন্তঃৰাষ্ট্ৰীয় চুইচ মাচাজ চেম্পিয়নশ্বিপত দেশক প্ৰতিনিধিত্ব কৰিব অনামিকা বৰ্মন দাসে - Anamika barman das
🎬 Watch Now: Feature Video
গুৱাহাটী, ৮ এপ্ৰিল : প্ৰথম অসমীয়া এমটিভি ৰ’ডি অনামিকা বৰ্মন দাসে অহা ২৯ আৰু ৩০ এপ্ৰিলত চুইজাৰলেণ্ডত অনুষ্ঠিত হ’ব লগা আন্তঃৰাষ্ট্ৰীয় চুইছ মাচাজ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত হৈছে (Swiss Massage Championship 2023)। উক্ত গ্ৰেণ্ড ইভেণ্টত অসম তথা উত্তৰ-পূবৰ লগতে সমগ্ৰ দেশক প্ৰতিনিধিত্ব কৰিব অনামিকা বৰ্মন দাসে ।
শনিবাৰে দিশপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি এই কথা ব্যক্ত কৰে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ওলোৱা প্ৰথমগৰাকী ভাৰতীয় প্ৰতিযোগী অনামিকাই (Anamika barman das will participates Swiss Massage Championship 2023) ।
তেওঁ কয়, ‘‘আন্তঃৰাষ্ট্ৰীয় চুইছ মাচাজ চেম্পিয়নশ্বিপ সম্পৰ্কে দেশত এতিয়াও বহু লোক জ্ঞাত নহয় । কিন্তু বাহিৰৰ দেশত এই প্ৰতিযোগিতা অতি বৰ্ণাঢ্যভাৱে অনুষ্ঠিত কৰা হয়’’ (Player Anamika barman das)। উল্লেখ্য যে, বৰ্তমান গুৱাহাটীৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ (Sports Authority of India), NCOE (National Centre of Excellence) স্পৰ্টছ মাচাজ থেৰাপিষ্ট হিচাপে কৰ্মৰত অনামিকাৰ তত্বাৱধানত আছিল তাৰকা খেলুৱৈ লাভলীনা বৰগোঁহাই, হিমা দাস, অংকুশিতা বড়ো, যমুনা বড়ো আদি ।
লগতে পঢ়ক : IPL 2023 LIVE: ৱাংখেড়েত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে যুঁজত নামিছে চেন্নাই ছুপাৰ কিংছ