Amrit Kalash Yatra: অমৃত কলহ লৈ ডিব্ৰুগড়ত শতাধিক-পুৰুষ মহিলাৰ যাত্ৰা - অমৃত কলহ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/04-10-2023/640-480-19682621-thumbnail-16x9-amrit-ner.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Oct 4, 2023, 10:28 PM IST
ডিব্ৰুগড়, 4 অক্টোবৰ: ডিব্ৰুগড় জিলাৰ টিংখাঙৰ দিল্লবাৰী গাঁও পঞ্চায়তত অমৃত কলহ যাত্ৰাৰ সামৰণি অনুষ্ঠান ৷ দিল্লবাৰী গাঁও পঞ্চায়তত আনন্দ- উল্লাস আৰু মাংগলিক নীতি-নিয়মৰ মাজেৰে সামৰণি পেলোৱা হয় অমৃত কলহ যাত্ৰাৰ ৷ পঞ্চায়তটোৰ মুঠ 10 টা ৱাৰ্ডৰ অমৃত কলহত সংগৃহিত মাটি পঞ্চায়তৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে জমা কৰা হয় ৷ এই অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত জিন্টুমনি বৰা , জিলা পৰিষদৰ সদস্য ৰাজেন গগৈ , পঞ্চায়ত সভাপতি হেমন্ত হাজৰিকাসহ শতাধিক স্থানীয় লোকে ভাগ লয় ৷
ইয়াৰ সমান্তৰালভাৱে বুধবাৰে ডিব্ৰুগড়ৰ লাহোৱাল গাঁও পঞ্চায়তৰ উদ্যোগত উলিওৱা হয় অমৃত কলহ যাত্ৰা ৷ গায়ন-বায়ন, বিহু, ঝুমুৰ নৃত্য, উখল-মাখল পৰিৱেশৰ মাজেৰে লাহোৱাল গাঁও পঞ্চায়তৰ পৰা এই পদযাত্ৰা বাহিৰ কৰা হয় ৷ পদযাত্ৰাত লাহোৱাল জিলা পৰিষদৰ সদস্য ভূপেন গগৈ, আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী কল্পনা তেলীকে ধৰি বহুকেইগৰাকী চৰকাৰী বিষয়াই অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক: Amrit Kalash Yatra : অমৃত কলহ কঢ়িওৱা নাৰীক অপমান ! ফেচবুক একাউন্টৰ নামত থানাত পৰিল এজাহাৰ