Amrit kalash yatra: চিলাপথাৰৰ অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ বিধায়ক ভূৱন পেগুৰ

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 10:57 AM IST

thumbnail

জোনাই ২৪ ছেপ্টেম্বৰ : ৰাজ্যজুৰি আৰম্ভ হৈছে বিজেপিৰ অমৃত কলহ যাত্ৰা । চিলাপথাৰ অঞ্চলৰ উজনি চিচি টঙানিৰ চেকাই নামঘৰীয়াতো দেখা গৈছে এক উৎসৱমুখৰ পৰিৱেশ । ‘‘মেৰি মিট্টি, মেৰা দেশ" কাৰ্যসূচীৰ অংশস্বৰূপে শনিবাৰে অমৃত কলহ যাত্ৰা উজনি চিচিটঙাণী গাঁওপঞ্চায়তৰ অন্তৰ্গত ১০ নং নামঘৰীয়াৰ পৰা আৰম্ভ হৈ ৩ নং চেকাই মাজগাঁও হৈ ৪ নং চেকাইত অতি উল্লহ-মালহেৰে ৰূপায়ণ কৰা হয় ।

জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে উদ্বোধন কৰা এই যাত্ৰাত অজস্ৰ লোকে যোগদান কৰে । জনগোষ্ঠীয় সাঁজ পাৰ পৰিধান কৰে গীত-নৃত্যৰে বিধায়কগৰাকী আদৰণি জনায় অঞ্চলবাসী ৰাইজে । তাৰ পাচতে ঘৰে ঘৰে এমুঠিকৈ মাটি দান কৰি চৰকাৰী কাৰ্যসূচীৰ প্ৰতি সঁহাৰি জনায় নৈ পৰীয়া ৰাইজে ।

ইফালে ৰাইজৰ ব্যাপক সঁহাৰিত উৎফুল্লিত হৈ পৰে বিধায়ক তথা বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ভূৱন পেগু ৷ এই কাৰ্যসূচীত মিচিং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ যজ্ঞেশ্বৰ কুটুম, TMPK ৰ কেন্দ্ৰীয় সভাপতি তিলক দলে, MMKৰ চিলাপথাৰ জিলা সমিতিৰ সভাপতি ৰাজু পেগুকে আদি কৰি অন্যান্য দল সংগঠনৰ নেতৃ আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ৷

লগতে পঢ়ক : 35th Dhemaji District Day: 35 সংখ্যক ধেমাজি জিলা দিৱসৰ প্ৰস্তুতি সম্পৰ্কত উপায়ুক্তৰ সংবাদমেল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.