Amrit Kalash Yatra : বিহালীত যৱনিকা পৰিল ৯ খন পঞ্চায়তৰ অমৃত কলহ যাত্ৰাৰ

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 10:13 PM IST

thumbnail

বিশ্বনাথ, ২০ অক্টোবৰ : শুকুৰবাৰে বিহালী উন্নয়ন খণ্ডৰ অধীনৰ ৯ খন গাঁও পঞ্চায়তৰ শতাধিক বিজেপি কৰ্মী আৰু গাঁও পঞ্চায়ত প্ৰতিনিধিয়ে খণ্ড উন্নয়ন বিষয়াক প্ৰদান কৰে ৷ উক্ত অমৃত কলহ যাত্ৰাত দলীয় কৰ্মীসকলৰ লগতে অংশগ্ৰহণ কৰে বিধায়ক ৰঞ্জিৎ দত্তয়ো ৷ উল্লেখ্য যে অমৃত কলহ যাত্ৰা কৰি পুৱা ১১ বজাত বৰগাঙৰ অসম ৰাজ্যিক পৰিবহণ বিভাগৰ বৰগাং কাৰ্যালয়ৰ চৌহদত বিজেপি কৰ্মীসকল সমবেত হয় ৷ বিভিন্ন গাঁও পঞ্চায়তৰ পৰা সংগৃহীত কলহসমূহৰ মাটিখিনি খণ্ড উন্নয়ন বিষয়া বেদানন্দ নাথে মৰ্যাদা সহকাৰে ৰাজহুৱাভাৱে গ্ৰহণ কৰি পোনে পোনে বিহালী উন্নয়ণ খণ্ডৰ অন্তৰ্গত শংকৰদেৱ ভৱনৰ প্ৰেক্ষাগৃহলৈ লৈ যায় । ইফালে এই অমৃত কলহ যাত্ৰাৰ অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰঞ্জিৎ দত্তৰ উপৰিও বিহালী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী, গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকল উপস্থিত থাকে ৷

লগতে পঢ়ক: Amrit Kalash Yatra in Nalbari: নলবাৰীত অমৃত কলহ লৈ ব্ৰহ্মপুত্ৰৰ বুকুৰে সমদল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.