Amrit Kalash Yatra: তেজপুৰত অমৃত কলহ যাত্ৰা - Amrit Kalash Yatra

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 6:04 PM IST

তেজপুৰ,৩০ ছেপ্টেম্বৰ: সমগ্ৰ দেশৰ লগতে তেজপুৰ পৌৰ সভাৰ দ্বাৰাও শনিবাৰে শোণিতপুৰ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ বাসভৱনৰ পৰা 'মেৰা মাটি মেৰা দেশ' কাৰ্যসূচী অনুসৰি অমৃত কলহ যাত্ৰা উলিওৱা হয় । উক্ত কাৰ্যসূচীৰ জৰিয়তে চহৰখনৰ বিভিন্ন প্ৰান্তৰ প্ৰতিঘৰ লোকৰ পৰা কলহত এমুঠিকৈ মাটি সংগ্ৰহ কৰা হয় । দেশৰ ৰাজধানীলৈ প্ৰেৰণ কৰিবলগা এই মাটি সংগ্রহ কৰি জিলাসমূহৰ পৰা প্ৰথমে গুৱাহাটীলৈ প্ৰেৰণ কৰিব ৷ 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ 'মন কি বাত' অনুষ্ঠান সম্প্ৰচাৰৰ সময়ত এই অভিযানৰ কথা ঘোষণা কৰিছিল । ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে জাতিৰ কামত নিস্বাৰ্থভাৱে প্ৰাণ আহুতি দিয়া সাহসী স্বাধীনতা সংগ্ৰামী আৰু বীৰসকলক শ্ৰদ্ধাঞ্জলি জনোৱা । দিল্লীত 'অমৃত বাটিকা' প্ৰতিষ্ঠা কৰিবলৈ 'অমৃত কলহ যাত্ৰা' অনুষ্ঠিত কৰা হয় । য'ত দেশৰ প্ৰতিটো কোণৰ পৰা ৭৫০০ কলহত মাটি সংগ্ৰহ কৰা হ'ব । এই 'অমৃত বাটিকা'ই 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত'ৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰতি থকা দায়বদ্ধতাৰ প্ৰতীক হিচাপে কাম কৰিব ।  

লগতে পঢ়ক: Akhil Gogoi: 2024ৰ লোকসভা নিৰ্বাচনত বিজেপিৰ সকলো দম্ভ, অহংকাৰ শেষ হ’ব; অখিল গগৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.