Alumni meet in Hojai: হোজাইত উদালী হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন - Alumni meet ceremony in Hojai

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 6:25 PM IST

হোজাই,৭ নৱেম্বৰ: নষ্টালজিক হৈ পৰিল হোজাই জিলাৰ উদালী হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী । ৫৩ বৰ্ষত ভৰি দিয়া হোজাই জিলাৰ উদালী হাইস্কুলত অনুষ্ঠিত কৰা হয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ মিলন সমাৰোহ । ১৯৭১ চনতে স্থাপন হোৱা উচ্চ শিক্ষা প্ৰতিষ্ঠান,উদালী হাইস্কুলত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে একলগ হোৱাৰ এক সুযোগ লাভ কৰি সোমবাৰৰ দিনটোত নষ্টালজিক হৈ পৰিল ।  

বিদ্যালয়খনত ভৰি দি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে নিজকে উভতি গ'ল ৫২ বছৰৰ পূৰ্বলৈ । সমাৰোহত পুৰণি সহপাঠীক লগ পাই আপ্লুত হোৱাৰ লগতে নিজকে যেন পুনৰ বিদ্যালয়খনৰ ছাত্ৰ জীৱনলৈ লৈ যোৱাৰ এক নষ্টালজিকতাত বান্ধ খাই পৰিল উদালী হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলো । সকলোৱে সুঁৱৰিলে এৰি অহা অতীতত । উক্ত সন্মিলনিত উপস্থিত থাকে বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত শিক্ষকসকলো । 

লগতে পঢ়ক: Diwali 2023: দীপাৱলীৰ আকাশ পোহৰাব নলবাৰীৰ আতচবাজীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.