Allegations of sexual harassment: ত্ৰিপুৰা বিশ্ববিদ্যালয়ত যৌন নিৰ্যাতনৰ অভিযোগ

By

Published : Jun 20, 2023, 3:33 PM IST

thumbnail

কৰিমগঞ্জ, ১৯ জুন: ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ ভিতৰভাগত এগৰাকী ছাত্ৰীক পৰীক্ষা কৰাৰ নামত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ বিশ্ববিদ্যালয়খনৰ সহকাৰী অধ্যাপকৰ বিৰুদ্ধে । সোমবাৰে বিয়লিৰ ভাগত এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰীগৰাকীয়ে ।  

অভিযুক্ত সহকাৰী অধ্যাপকজনৰ নাম ভূপেশ দেৱবৰ্মা বুলি জানিব পৰা গৈছে । বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ ওচৰত অভিযোগ উত্থাপন কৰাৰ সময়তে ছাত্ৰীগৰাকীয়ে নিজৰ সংজ্ঞা হেৰুৱাই পেলোৱাৰ ফলত লগে লগে তেওঁক বিশ্ববিদ্যালয়ৰ স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় যদিও তেওঁৰ অৱস্থা অধিক বেয়া হোৱাৰ লগে লগে তেওঁক আগৰতলাৰ ত্ৰিপুৰা চিকিৎসা মহাবিদ্যালয় তথা বি আৰ আম্বেদকাৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় ।  

এই সন্দৰ্ভত ছাত্ৰ-সংগঠন এভিবিপিৰ ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ ইউনিটৰ নেত্ৰী পাৰ্বতী ভট্টাচাৰ্যই চিকিৎসালয়খনত সাংবাদিকৰ আগত কয় যে, এই ঘটনাৰ তথ্য লাভ কৰি তেওঁলোকে নিৰ্যাতিতা ছাত্ৰীগৰাকীক বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ ওচৰলৈ লৈ যায় । তাৰ পাছত উপাচাৰ্যগৰাকীয়ে অভিযুক্ত সহকাৰী অধ্যাপক ভূপেশ দেৱবৰ্মাক ফোন কৰি ৩৯ মিনিটৰ ভিতৰত বিশ্ববিদ্যালয়ত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়ে । কিন্তু ১ ঘণ্টাৰ পাছতো অভিযুক্ত সহকাৰী অধ্যাপক ভূপেশ দেৱবৰ্মাৰ নাম বিশ্ববিদ্যালয়লৈ উপস্থিত নোহোৱাত কান্দি কান্দি হঠাৎ অজ্ঞান হৈ পৰে যুৱতীগৰাকী । 

লগতে পঢ়ক: Abdur Rahim Khan passes away: বৰপেটাৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানৰ দেহাৱসান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.