Protest in Mangoldoi: দৰঙত ভূমি আৱন্টনৰ নামত বৃহৎ কেলেংকাৰীৰ অভিযোগ - Scam in land allotment in Darrang
🎬 Watch Now: Feature Video
দৰং, ৯ মে’: দৰং জিলাত ভূমি আৱন্টনৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে (Scam in land allotment in Darrang)। অখিলঞ্জীয়া লোকক ভূমি আৱন্টনৰ অভিযোগ উত্থাপন কৰিছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চই । ইয়াৰ প্ৰতিবাদ জনাই মঙলদৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বৃহত্তৰ অসমীয়া যুৱ মঞ্চ দৰং জিলা সমিতিয়ে ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ন কৰে ।
বৃহত্তৰ অসমীয়া যুৱ মঞ্চই দৰং জিলাত ভূমি আৱন্টনৰ নামত বৃহৎ কেলেংকাৰী হোৱাৰ অভিযোগ কৰি কয় যে, অখিলঞ্জীয়া লোকক ভূমি আৱন্টন দিয়া হৈছে । দলগাঁও সমষ্টিৰ বিধায়ক মুজিবৰ ৰহমানে এই ভূমি কেলেংকাৰীত পোনপটীয়া জৰিত থকাৰ অভিযোগ উত্থাপন কৰি প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হস্তক্ষেপ বিচাৰি স্মাৰক পত্ৰ প্ৰদান কৰে (Brihattor Asomiya Yuv Mancha protest in Darrang)।
লগতে পঢ়ক:Love Jihad Case in Darrang: ভুৱা পৰিচয়েৰে হিন্দু যুৱতীক পলুৱাই আনিলে হাৰেজ আলিয়ে