thumbnail

By

Published : Mar 1, 2023, 10:01 PM IST

ETV Bharat / Videos

Bricks Industries Dissatisfied Public: বিলাসীপাৰাত ইটাভাটাৰ বিৰুদ্ধে প্ৰতিবাদ

বিলাসীপাৰা,১ মাৰ্চ: ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে দৰিদ্ৰ লোকসকলে লাভ কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ (Pradhan Mantri Gramin Awas Yojana) । PMAY আঁচনিৰ পৰা লাভ কৰা ধনৰে সাজিবলৈ আৰম্ভ কৰিছে সপোনৰ ঘৰখন ।  কিন্তু একাংশ ইটা ভাটাই বিপদত পেলাইছে হিতাধিকাৰীসকলক (PMGAY houses to beneficiary of Assam) । কিয়নো, চৰকাৰ তথা ইটাভাতা সন্থাই নিৰ্ধাৰণ কৰি দিয়া মূল্যতকৈ একাংশ ইটাভাতাই অস্বাভাৱিকভাৱে বৃদ্ধি কৰিছে মূল্য (brick industry illegal price hike) ।

বিলাসীপাৰাত ইটা উদ্যোগতো অৰাজকতা চলাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে (allegation of brick price hike at Bilasipara Dhubri) । ইয়াকে লৈ বুধবাৰে ইটাভাতাৰ সন্মুখত ৰাইজে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ (protest against brick price hike) । জিলা উপায়ুক্ত, মহকুমাধিপতিৰ ওচৰত দাখিল কৰে অভিযোগ । বিলাসীপাৰাত একাংশ ইটা উদ্যোগৰ চৰম অৰাজকতাকলৈ ক্ষুব্ধ হৈ পৰিছে দল-সংগঠন আৰু সচেতন ৰাইজ । ইটা উদ্যোগসমূহে নিজ খেয়াল-খুচি মতে বৃদ্ধি কৰিছে ইটাৰ দাম । 

লগতে পঢ়ক: Preparations of Baresahariya Bhaona: জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনালৈ মাজত মাত্ৰ সাতদিন

চৰকাৰ আৰু ইটা উদ্যোগ সন্থাক বুঢ়া আঙুলি দেখুৱাই একাংশ ইটা উদ্যোগে নিৰ্ধাৰিত দামতকৈ প্ৰতি হাজাৰ ইটাত ২ ৰ পৰা ৩ হাজাৰ টকাকৈ অধিক সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে । ইটা উদ্যোগৰ এই নাভূত-নাশ্ৰুত কৰ্মকাণ্ডৰ বাবে চৰকাৰী গৃহ লাভ কৰা দৰিদ্ৰ হিতাধিকাৰীসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ । ইটা উদ্যোগে অবৈধভাৱে ধন ঘটা অভিযানত কেইবাজনো চৰকাৰী বিষয়া জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে । ঘটনাক লৈ সামাজিক মাধ্যমতো বিলাসীপাৰাৰ বিভিন্ন দল সংগঠন আৰু সচেতন ৰাইজে প্ৰকাশ কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া ।

লগতে পঢ়ক: Again Zubeen controversy: জুবিন গাৰ্গৰ অস্বাভাৱিক আচৰণক লৈ শিৱসাগৰত প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.