Barbarism of Jorhat Police : নিৰীহৰ ওপৰত মৰিয়নী আৰক্ষী গুণ্ডাগিৰি, উদ্ধাৰ CCTV কেমেৰাৰ ফুটেজ - নিৰীহৰ ওপৰত মৰিয়নী আৰক্ষী গুণ্ডাগিৰি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 14, 2023, 10:18 PM IST

যোৰহাট, 14 মাৰ্চ : মৰিয়নীত আৰক্ষীৰ গুণ্ডাগিৰি (Barbarism of Jorhat Police) ৷ মৰিয়নী আৰক্ষীৰ বীৰত্বৰ সমগ্ৰ দৃশ্য বন্দী হৈছে CCTV কেমেৰাত ৷ উদ্ধাৰ হৈছে CCTV কেমেৰাৰ দৃশ্যাংশও ৷ দেওবাৰে মৰিয়নীত সংঘটিত মৰিয়নী আৰক্ষীৰ বৰ্বৰতাৰ সন্দৰ্ভত এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ এই সন্দৰ্ভত ভুক্তভোগী পিতৃ-পুত্ৰই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়াও ৷

বিৱৰণি অনুসৰি, মৰিয়নী 7 নং ৱাৰ্ডৰ বাপন মজুমদাৰ নামৰ এগৰাকী লোক নিজ পদুলিত ৰৈ থকা সময়ত মৰিয়নীৰ ব্যৱসায়ী সুৰজ ঘোষ নামৰ লোকজনে বাপন মজুমদাৰৰ বিৰুদ্ধে বাট বন্ধ কৰাৰ অভিযোগ কৰি তৰ্ক-বিতৰ্ক লিপ্ত হয় । পিচত ঘটনাস্থলীত মৰিয়নীৰ থানাৰ পৰিদৰ্শকৰ দায়িত্বত থকা বড়ো উপাধিৰ বিষয়াজন উপস্থিত হৈ কোনো উচিত বিচাৰ নকৰাকৈ বাপন মজুমদাৰ আৰু তেওঁৰ 70 উৰ্ধৰ বৃদ্ধ পিতৃক শাৰীৰিকভাৱে অপদস্থ কৰে ৷

ইপিনে ভুক্তভোগী পৰিয়ালটোৰ অভিযোগ, মৰিয়নী আৰক্ষীৰ উপ পৰিদৰ্শকগৰাকীয়ে একপক্ষীয়ভাৱে ব্যৱসায়ী সুৰজ ঘোষক ৰক্ষাণাৱেক্ষণ দি মজুমদাৰ নামৰ পৰিয়ালটিক থানালৈ উঠাই আনি লকাপত বন্দী কৰি ৰখাৰো ভাবুকি প্ৰদান কৰে । লগতে সুৰজ ঘোষ নামৰ ব্যৱসায়ীজনৰ ভৰিত ধৰি মাফ বিচাৰিবলৈ বাধ্য কৰোৱাই মজুমদাৰ পৰিয়ালটোক ৷

লগতে পঢ়ক : Barbarism of Jorhat Police: যোৰহাটৰ DSPক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ তলব; তিনি কনিষ্টবলক ৰিজাৰ্ভ ক্ল’জ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.