Inter district chess competition: ৰাজ্যৰ ৮ গৰাকী খেলুৱৈক সৰ্বভাৰতীয় দবা প্ৰতিযোগিতালৈ বাচনি - Inter district chess competition
🎬 Watch Now: Feature Video
নাহৰকটীয়া, ৩১ জুলাই: সদৌ অসম ভিত্তিত নামৰূপত অনুষ্ঠিত হয় ৪৬ সংখ্যক সদৌ অসম আন্তঃজিলা দবা প্ৰতিযোগিতা । এই আন্তঃজিলা দবা প্ৰতিযোগিতাখনিৰ দেওবাৰে সামৰণি পৰে ৷ ১১ বছৰৰ অনুৰ্ধ আৰু ১৫ বছৰৰ অনুৰ্ধ দুটা শাখাত অনুষ্ঠিত এই প্ৰতিযোগিতাখন বিগত তিনিটা দিন ধৰি নামৰূপৰ অসম পেট্ৰ'কেমিকেল লিমিটেডৰ প্ৰমোদ ভৱনত অনুষ্ঠিত হয় ।
উল্লেখ্য় যে এই প্ৰতিযোগিতাখনিত অসমৰ ১৬ খন জিলাৰ তিনি শতাধিক প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰে । ডিব্ৰুগড় জিলা দবা সন্থা আৰু পৰ্বতপুৰ দবা একাডেমীৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী ৮ গৰাকী খেলুৱৈক সৰ্বভাৰতীয় দবা প্ৰতিযোগিতালৈ বাচনি কৰা হৈছে ৷
লগতে পঢ়ক:Pranab Saikia murder case: এছ পি আনন্দ মিশ্ৰৰ ভাষণ নালাগে, লাগে এক্সন; লখিমপুৰত ৰাইজৰ প্ৰতিবাদ