thumbnail

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 9:40 PM IST

ETV Bharat / Videos

সদৌ অসম ভাওনা সমাৰোহৰ মুখ্য কাৰ্যালয় উদ্বোধন

গোলাঘাট, 2 জানুৱাৰী : মঙলবাৰে গোলাঘাট জিলাৰ দেৰগাঁৱত সদৌ অসম ভাওনা সমাৰোহৰ মুখ্য কাৰ্যালয় মুকলি ৷ গোলাঘাট জিলাৰ দেৰগাঁও ভকতীয়া গাঁও হৰগৌৰী সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত ৰাজমাও পদ্মনাভ ক্ষেত্ৰত অহা ইংৰাজী 4 ফেব্ৰুৱাৰীৰ পৰা 10 ফেব্ৰুৱাৰীলৈকে সদৌ অসম ভাওনা সমাৰোহ অনুষ্ঠিত কৰা হৈছে । এই উপলক্ষে আজি উদযাপন সমিতিৰ মুখ্য কাৰ্যালয় মুকলি কৰা হয়। 

পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া এই অসম ভিত্তিত ভাওনা প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ সৰ্বমুঠ 12 টা দলে অংশগ্ৰহণ কৰিব । প্ৰায় 14 লাখ টকা ব্যয়ৰে অনুষ্ঠিত হ'ব এই ভাওনা সমাৰোহ ৷ এই ভাওনা সমাৰোহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে উদযাপন সমিতিয়ে । ৰাইজৰ সহায়-সহযোগ কামনা কৰিছে আয়োজকসকলে ৷

লগতে পঢ়ক: নৱবৰ্ষৰ প্ৰথম দিনাই চামগুৰিত বন্যহস্তীৰ তাণ্ডৱ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.