thumbnail

Plastic Rice Controversy: সমবায় সমিতিৰ দোকানত হিতাধিকাৰীক প্লাষ্টিকৰ চাউল বিতৰণ

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 4:10 PM IST

চামগুৰি,২১ ছেপ্টেম্বৰ: বিভিন্ন সময়ত সমবায়ৰ দোকানত হিতাধিকাৰীয়ে প্লাষ্টিক চাউল লাভ কৰাৰ বাতৰিয়ে সংবাদ শিৰোনাম দখল কৰি আহিছে । এইবাৰ নগাঁৱৰ পুৰণিগুদামত ওলাল প্লাষ্টিক সদৃশ চাউল । সুলভ মূল্যৰ দোকানৰ পৰা অনা চাউলত ওলাইছে প্লাষ্টিক চাউল ।  

ৰাইজে চাউল নামত খাবলগীয়া হৈছে বৰবিহ । চাউলসমূহত কোনে মিহলাইছে প্লাষ্টিক সদৃশ চাউল তাকে লৈ এতিয়া চিন্তিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । প্লাষ্টিক চাউলক লৈ হাহাকাৰ পৰিৱেশ বিৰাজ কৰিছে নগাঁৱৰ পুৰণিগুদামবাসীৰ মাজত । সুলভ মূল্য দোকানৰ পৰা আনিছিল চাউলসমূহ । এই ক্ষেত্ৰত পৰৱৰ্তী সময়ত জিলা প্ৰশাসন বা চৰকাৰে কি ধৰণৰ ব্যাৱস্থা গ্ৰহণ কৰিব সেয়া হ’ব লক্ষণীয় ।

লগতে পঢ়ক: Bhuban Pegu: জোনাই সমষ্টিক গ্ৰাম্য পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰাৰ প্ৰয়াস

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.