AJYP on NHPC dam: NHPC বান্ধ ভাঙি দিয়াৰ দাবী জাতীয়তাবাদী যুৱ পৰিষদৰ - dam in ASSAM
🎬 Watch Now: Feature Video
Published : Oct 7, 2023, 7:52 AM IST
ধেমাজি, 7 অক্টোবৰ: 2000 মেগাৱট ক্ষমতা সম্পন্ন বহু বিতৰ্কিত NHPC বান্ধ ভাঙি দিয়াৰ দাবী জনালে অসম জাতীয়তাবাদী যুৱ পৰিষদে ৷ বাৰিষা অৰুণাচল প্ৰদেশৰ পাহাৰত বৰষুণ হ’লে গেৰুকামুখৰ অসম-অৰুণাচল সীমান্তৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পথলীত সংঘটিত হৈ আহিছে এটাৰ পিছত আনটো অঘটন ৷ যাৰ বাবে নামনিবাসীৰ জীৱন সম্পত্তিৰ সুৰক্ষাৰ ক্ষেত্ৰত প্ৰশ্নবোধকৰ সৃষ্টি হৈছে ৷
আনপিনে, NHPC ৰ মইমতালিৰ বাবে বিপদত পৰি আহিছে কৰ্মৰত শ্ৰমিক ৷ শেহতীয়াকৈ যোৱা 26 ছেপ্টেম্বৰত প্ৰকল্পথলীত ভয়ংকৰ ঘটনা সংঘটিত হয় ৷ যি দুৰ্ঘটনাত চাৰিজনকৈ কৰ্মৰত শ্ৰমিক আহত হ’বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় যদিও এই সমগ্ৰ দুৰ্ঘটনা NHPC কৰ্তপক্ষই গাপ দি ৰাখিবলৈ যত্ন কৰিছিল ৷
শুকুৰবাৰে এই ঘটনা পোহৰলৈ অহাৰ পিচত বিভিন্ন দল সংগঠন আৰু নামনিবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ এইক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়াই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চৰকাৰক এই বৃহৎ নদী বান্ধ ভাঙি দিবলৈ দাবী জনায় ৷ তেওঁ কয় যে যিখন চৰকাৰে ক্ষমতা দখলৰ পূৰ্বে নদীবান্ধ বিৰোধী স্থিতি গ্ৰহণ কৰিছিল সেইখন চৰকাৰে এতিয়া নদীবান্ধৰ সমৰ্থন কৰিছে ৷
নামনিবাসীৰ জীৱন সম্পত্তিৰ সুৰক্ষা নিশ্চিত নোহোৱা পৰ্যন্ত সংগঠনটোৱে আন্দোলন অব্যাহত ৰাখিব বুলি মন্তব্য আগবঢ়ায় সভাপতিগৰাকীয়ে ৷
লগতে পঢ়ক : Sobansiri Hydroelectric Project : নামনি সোৱণশিৰি প্ৰকল্পৰ সুৰংগৰ ভিতৰত খহিল ছাদ
TAGGED:
Nhoc incident reaction AJYP