AJYCP protest at Digboi: ডিগবৈৰ বিধ্বস্ত বাট-পথ নিৰ্মাণৰ দাবীত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট - জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট
🎬 Watch Now: Feature Video
তিনিচুকীয়া, ৩১ মে’: তিনিচুকীয়া জিলাৰ ডিগবৈৰ বিধস্ত বাট-পথ নিৰ্মাণৰ দাবীত মঙলবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ডিগবৈ আঞ্চলিক সমিতিয়ে দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ৰূপায়ণ কৰে (AJYCP protest at Digboi)। ডিগবৈ-পেঙেৰী-বৰডুমছা পথ, ডিগবৈ-দুলীয়াজান পথৰ লগতে স্থানীয় বাটপথসমূহ অতি সোনকালে নিৰ্মাণ কৰাৰ দাবীত স্থানীয় বিধায়ক সুৰেন ফুকনৰ বিৰুদ্ধেও ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে । সমান্তৰালভাৱে আই অ’ চি, অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধেও ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে ।
প্ৰতিবাদৰ সময়ত সংগঠনটোৰ সদস্যসকলৰ লগতে স্থানীয় ৰাইজে অংশগ্ৰহণ কৰি অতি সোনকালে বাটপথসমূহ মেৰামতি কৰক, অইল ইণ্ডিয়া হুঁচিয়াৰ, বিধস্ত বাটপথসমূহ মেৰামতি কৰিব লাগিবই, বিধায়ক সুৰেন ফুকন হুঁচিয়াৰ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ জিন্দাবাদ আদি বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে ৷
প্ৰতিবাদস্থলীৰ পৰাই অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক কাঞ্চন বৰাই কয় যে, ডিগবৈ চহৰৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বিভিন্ন পথ-উপপথ ভাঙি ছিঙি বিধ্বস্ত হৈ পৰিছে । বিভিন্ন সময়ত স্থানীয় ৰাইজে বিধায়কক অৱগত কৰি আহিছে যদিও তেওঁ কোনো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই (Poor Road condition at Digboi) ৷
সমান্তৰালভাৱে আই অ’ চি আৰু অইল ইণ্ডিয়া লিমিটেডেও পথ নিৰ্মাণত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷ প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলীৰ পৰা এই সন্দৰ্ভত মাৰ্ঘেৰিটাৰ মহকুমাধিপতিৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ অতি সোনকালে যদি এই সমস্যাসমূহ সমাধান নকৰে তেন্তে অনাগত দিনত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সাধাৰণ সম্পাদক বৰাই ৷