AJYCP protest in Jorhat: যোৰহাটত AJYCP ৰ তীব্ৰ প্ৰতিবাদ - Toll tax increase

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 3, 2023, 8:30 PM IST

যোৰহাট, ৩ এপ্ৰিল: সমগ্র দেশতে এতিয়া নিত্য প্ৰয়োজনীয় অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী লগতে ৰন্ধন গেছ, পেট্ৰ'ল-ডিজেল মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক কোঙা কৰি পেলোৱা সময়তে পুনৰ আন এক মাধমাৰ সোধালে শাসনাধিষ্ঠ দুয়োখন বিজেপি চৰকাৰে । শেহতীয়াকৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ঔষধৰ, বিদ্যুৎ মাচুল আৰু টোল গেটৰ কৰৰ মূল্য বৃদ্ধিয়ে চিন্তিত কৰি তুলিছে সৰ্বসাধৰণ ৰাইজক (Toll tax increase) ।  

সেহে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে (Asom Jatiyatabadi Yuba Chatra Parishad) ৰাইজৰ স্বাৰ্থত যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অত্যৱশ্যকীয় খাদ্য সামগ্ৰী, ঔষধ, বিদ্যুতৰ মাচুল আৰু টোল কৰ বৃদ্ধি প্ৰতিবাদত ৰূপায়ণ কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী (AJYCP protest in Jorhat against price hike) । উক্ত প্ৰতিবাদস্থলীৰ পৰাই জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক সঁকিয়াই দি কয় যে, শীঘ্ৰে যদি এনে হঠকাৰী পদক্ষেপ বাতিল নকৰে তেন্তে অসমৰ জনসাধাৰণক লগত লৈ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব ।  

উল্লেখ্য যে, বৰ্তমান সময়ত দেশত তথা অসমত শাসনধিষ্ঠ দুয়োখন চৰকাৰে যি হাৰত অত্যৱশ্যকীয় খাদ্য সামগ্ৰী আকাশলংঘী মূল্য বৃদ্ধি কৰিছে তাৰ ফলত সৰ্বসাধাৰণ ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে । এনেবোৰ কাৰণতে বাবে দুয়োখন চৰকাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে সৰ্বসাধাৰণ জনতা ।তাৎপৰ্যপূৰ্ণ বিষয় যে, আচ্ছা দিনৰ সপোন দেখুৱাই বিজেপি চৰকাৰ খনে সাধাৰণ ৰাইজক মাধমাৰ শোধাই পুঁজিপতিৰ স্বাৰ্থত কাম কৰি আছে বুলি মন্তব্য কৰে সৰ্বসাধাৰণ ৰাইজে । 

লগতে পঢ়ক: Rockybul Hussain on Assam CM; ছাঁ টোকে বাঘ দেখিছে মুখ্যমন্ত্ৰীয়ে : ৰকিবুল হুছেইন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.