অসম চুক্তিৰ ছয় নং দফা: মুখ্যমন্ত্ৰীৰ মতে কাৰ্যকৰী হ’ল; পলাশ চাংমাইৰ মতে এনেকৈ নহয় - Palash Changmai reaction
🎬 Watch Now: Feature Video
Published : Dec 11, 2023, 6:21 PM IST
শিৱসাগৰ, 11 ডিচেম্বৰ: অসম চুক্তিৰ ছয় নং দফা ৰূপায়ন সন্দৰ্ভত অসমৰ মুখ্য়মন্ত্ৰীয়ে কৰা মন্তব্যৰ বিৰোধিতা কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমায়ে ৷ মুখ্যমন্ত্ৰীয়ে দাবী কৰা ধৰণেৰে ঐতিহাসিক অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী নহয় বুলি মত ব্যক্ত কৰে নেতাগৰাকীয়ে ৷
উল্লেখ্য যে, গুৱাহাটীত শ্বহীদ দিৱসৰ এক অনুষ্ঠানত অংশ লৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল যে অসম চুক্তিৰ ছয় নং দফাৰ ৰূপায়ন প্ৰায় হৈ গৈছে ৷ এতিয়া অসমত 100 শতাংশ অসমীয়া ল’ৰাই চাকৰি পাইছে, মাটি-বাৰীৰ জঞ্জাল দূৰ হৈছে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণো অসম চুক্তিৰ ছয় নং দফাৰ আধাৰতে কৰা হৈছে ৷
কিন্তু মুখ্যমন্ত্ৰীৰ এই মন্তব্যক উভতি ধৰি পলাশ চাংমায়ে কয় যে অসমীয়া ল’ৰাই চাকৰি পালেই, সমষ্টি নিৰ্ধাৰণ আৰু মাটি-বাৰীৰ কাম শেষ হ’লেই অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰা নুবুজায় ৷ অসমীয়াই সাংবিধানিক ৰক্ষা কৱচ আৰু ৰাজনৈতিক অধিকাৰ বিচাৰে ৷ শিৱসাগৰত এই মন্তব্য আগবঢ়ায় নেতাগৰাকীয়ে ৷