ETV Bharat / state

প্ৰথমবাৰৰ বাবে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কি ৰণনীতি অজাপৰ ? - PANCHAYAT POLL

প্ৰথমবাৰলৈ পঞ্চায়ত নিৰ্বাচন খেলিবলৈ পৰিকল্পনা যুগুত কৰিছে অসম জাতীয় পৰিষদে । নাহৰকটীয়াত অজাপৰ কেন্দ্ৰীয় শিল্পী দিৱসত পঞ্চায়ত নিৰ্বাচনৰ পৰিকল্পনাৰ সদৰী সভাপতি লুৰীণজ্যোতি গগৈৰ ।

Assam Jatiya Parishad plans to contest panchayat election
পঞ্চায়ত নিৰ্বাচন খেলিবলৈ পৰিকল্পনা যুগুত কৰিছে অসম জাতীয় পৰিষদে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 18, 2025, 1:20 PM IST

ডিব্ৰুগড়: ৰাজ্যত অনুষ্ঠিত হ'বলগা পঞ্চায়ত নিৰ্বাচনক লৈ শাসক বিৰোধী সকলো ৰাজনৈতিক দলৰে তৎপৰতা বৃদ্ধি পাইছে । মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাই ঘোষণা কৰিছে উচ্চতৰ মাধ্যমিক পৰীক্ষা শেষ হোৱাৰ লগে লগে ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা বলবৎ হ'ব । শাসকীয় দল বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে নিজৰ সাংগঠনিক নেতৃত্ব সলনি কৰি সমষ্টিয়ে সমষ্টিয়ে দল শক্তিশালী কৰাত ব্যস্ত হৈছে ।

এইবাৰ ৰাজ্যত প্ৰথমবাৰলৈ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব অসম জাতীয় পৰিষদ । নাগৰিকত্ব সংশোধনী আইন বিৰোধিতাৰে জন্মলাভ কৰা অসম জাতীয় পৰিষদে প্ৰথমবাৰৰ বাবে পঞ্চায়ত নিৰ্বাচন খেলাৰ বাবে পৰিকল্পনা যুগুত কৰিছে । শুকুৰবাৰে নাহৰকটীয়াত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় শিল্পী দিৱসত অংশগ্ৰহণ কৰি পঞ্চায়ত নিৰ্বাচনৰ পৰিকল্পনাৰ কথা জনালে সভাপতি লুৰীণজ্যোতি গগৈয়ে । শক্তিশালীভাৱে হ'বলগা পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা বাবে যে অসম জাতীয় পৰিষদে ৰণনীতি প্ৰস্তুত কৰিছে সেই কথা নিশ্চিত হৈছে সভাপতিগৰাকীৰ মন্তব্যত ।

পঞ্চায়ত নিৰ্বাচন খেলিবলৈ পৰিকল্পনা যুগুত কৰিছে অসম জাতীয় পৰিষদে (ETV Bharat Assam)
  • পঞ্চায়ত নিৰ্বাচনক লৈ কি পৰিকল্পনা অসম জাতীয় পৰিষদৰ :

দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে নাহৰকটীয়াত অনুষ্ঠিত কেন্দ্ৰীয় শিল্পী দিৱসত অংশগ্ৰহণ কৰি দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে অসমৰ জাতীয় জীৱনৰ মহান মনিষী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি তেওঁৰ আদৰ্শ আৰু কৰ্মৰাজিৰ বিষয়ে আলোকপাত কৰে ।

লগতে হ'ব লগা পঞ্চায়ত নিৰ্বাচনক লৈ সাংবাদিকৰ আগত কয়, "অসম জাতীয় পৰিষদ দলক শক্তিশালী কৰিবলৈ এক দীৰ্ঘম্যাদী পৰিকল্পনা কৰা হৈছে । ২০২৫ বৰ্ষটো সাংগঠনিক সম্প্ৰসাৰণ বৰ্ষ হিচাপে লৈ কাম আগবঢ়াইছো । পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ৱাৰ্ড ভিত্তিত কেনেকৈ সংগঠন কৰিম, বিধানসভা নিৰ্বাচনৰ বাবে সমষ্টিসমূহত কেনেকৈ সংগঠন কৰিম লগতে ভাতৃ-ভগ্নী সংগঠনসমূহক কেনেকৈ তৃণমূল পৰ্যায়লৈ আগুৱাই নিম তাৰ পৰিকল্পনা কৰা হৈছে ।’’

তেওঁ লগতে কয়, "পঞ্চায়ত নিৰ্বাচন যিহেতু বিধানসভা নিৰ্বাচনৰ আধাৰ তাৰ বাবে ভালদৰে পৰিকল্পনা কৰা হৈছে । ইতিমধ্যে ৱাৰ্ড ভিত্তিত সমন্বয়ক নিযুক্তি দিয়া হৈছে । সমন্বয়কসকলৰ কৰ্মশালা অনুষ্ঠিত কৰা হৈছে আৰু ইয়াৰ পাছতে ৱাৰ্ড ভিত্তিক কৰ্মী সভা অনুষ্ঠিত কৰা হ'ব । ৰাজ্যৰ য'ত য'ত জাতীয়তাবাদী ধাৰাৰ ৰাজনীতি শক্তিশালী হৈ আছে তাত দলটোৰ সংগঠনৰ কাম শক্তিশালী ভাৱে কৰা হৈছে ।"

  • নাহৰকটীয়াত অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় শিল্পী দিৱস:

সমগ্ৰ অসমৰ লগতে নাহৰকটীয়াটো অসম জাতীয় পৰিষদৰ উদ্যোগত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিনটো কেন্দ্ৰীয় শিল্পী দিৱস হিচাপে উদযাপন কৰে । অসম জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত, নাহৰকটীয়া সমষ্টি সমিতিৰ সহযোগত তথা কুঁৱৰীগাঁও আঞ্চলিক সমিতি আৰু কুঁৱৰীগাঁও পঞ্চায়তবাসী ৰাইজৰ আতিথ্যত গড়গুৰি চাউদাং ৰাজহুৱা প্ৰেক্ষাগৃহত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় কেন্দ্ৰীয় শিল্পী দিৱস ।

অনুষ্ঠানত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, উপ-সভাপতি অনুপ ফুকন, সাধাৰণ সম্পাদক জগদীশ ভূঁঞা সমন্বিতে অসম জাতীয় পৰিষদৰ বিভিন্ন পৰ্যায়ৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে । শিল্পী দিৱসৰ লগত সংগতি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । অনুষ্ঠানত বিভিন্ন জাতি-জনগোষ্ঠীয় নৃত্য গীতৰ প্ৰদৰ্শনেৰে উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে ।

লগতে পঢ়ক: প্ৰতিটো নিৰ্বাচনত বিজয়ৰ ধাৰা অব্যাহত ৰখাৰ অংগীকাৰ দিলীপ শইকীয়াৰ - BJP NEW STATE PRESIDENT

জ্যোতি চিত্ৰবনত ‘তোৰে মোৰে আলোকৰে যাত্ৰা’ - SILPI DIWAS EVENTS IN ASSAM

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.