হাফলং : কয়লাখনিৰ দুৰ্ঘটনাৰ শোক মাৰ নৌযাওঁতেই ডিমা হাছাওত সংঘটিত হৈছে আন এক শোকাৱহ দুৰ্ঘটনা । জিলাখনৰ উদ্যোগ নগৰী হিচাপে পৰিচিত উমৰাংছ' 19 কিলোত শনিবাৰে পুৱাতে এখন স্কুল বাছ দুৰ্ঘটনাত পতিত হয় ।
উমৰাংছ' 19 কিলো এলেকাত এ এছ-০৮-চি ২২৯২ নম্বৰৰ স্কুল বাছখন দুৰ্ঘটনাত পতিত হোৱাৰ ফলত ডালিমাৰ ৰংহাংপি নামৰ এগৰাকী ছাত্ৰী নিহত হোৱাৰ উপৰিও ২২ গৰাকী কণ কণ শিক্ষাৰ্থী আহত হয় । ইয়াৰে ভিতৰত ছয়গৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।
জানিব পৰা মতে, উমৰাংছ' নগৰৰ পৰা বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক লৈ বাছখন গৈ আছিল । কিন্তু উমৰাংছ'ৰ পৰা 7 কিলোমিটাৰ নিলগত 19 কিলোত বাছখন পথৰ পৰা বাগৰি পৰে । ফলত ছেক্ৰেড হাৰ্ট স্কুলৰ ছাত্ৰী ডালিমাৰ ৰংহাংপিৰ ঘটনাস্থলীতে মৃত্যু ঘটে ।
আহত এগৰাকী কণমানি ছাত্ৰীয়ে জানিবলৈ দিয়া মতে, স্কুল বাছখনৰ চালকৰ ভুলৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হয় । আনহাতে, দুৰ্ঘটনাটোৰ পিছতে আহত ছাত্ৰ-ছাত্ৰীসকলক উমৰাংছ' চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।
দুৰ্ঘটনাত পতিত এগৰাকী ছাত্ৰীয়ে কয়, "আমাৰ বাছখন এক্সিডেণ্ট হৈছে । ড্ৰাইভাৰে ইফাল সিফাল কৰোতে বাছখন বাগৰি পৰে । কিমানজন আছিলো নাজানো । ড্ৰাইভাৰে ভালদৰে চলোৱা নাছিল । ব্ৰেক মাৰোতে বাগৰি পৰে । মই নাৰ্ছাৰীত পঢ়ো । মই মূৰত আঘাত পাইছো । গাড়ী ভালদৰে চলোৱা নাছিল ।"
ইফালে এগৰাকী প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, "১৯ কিলোত টাৰ্ণিঙত স্কুল বাছখনৰ দুৰ্ঘটনা হয় । প্ৰায় ১৮ জন ছাত্ৰ-ছাত্ৰী আছিল । কিমানজনে আঘাত পাইছে গণনা কৰা নাই । কেইবাজনৰো আঘাত গুৰুতৰ । এগৰাকীৰ মৃত্যু হৈছে ।"
গুৰুতৰভাৱে আহত 6 গৰাকী শিক্ষাৰ্থীক উন্নত চিকিৎসাৰ বাবে হোজাই হাম হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ৷ বাকী আহত 15 গৰাকীৰ চিকিৎসা চলিছে উমৰাংছ' অসামৰিক চিকিৎসালয়ত । সংকটজনক অৱস্থাত হোজাই হাম হাস্পতালত ভৰ্তি কৰোৱা শিক্ষাৰ্থীকেইগৰাকী হৈছে ক্ৰমে আৰকিলিংচন হাঞ্চে (9), ফ্লিয়াহ চিংথংপি (10), চাৰমুকৰাং টেৰণ (8), দিভিয়া ৰংহাংপি (15) ৰূপলিং ইংতিপি (17) আৰু মালয়েন তেৰানপী (18) ।