অগ্নিগৰ্ভা মণিপুৰে চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাক প্ৰমাণ কৰিলে; লুৰীণজ্যোতি গগৈ - Manipur Violence

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 18, 2023, 10:55 PM IST

মাজুলী, 18 জুন: মণিপুৰৰ পৰিৱেশ বৰ্তমান অতি ভয়াৱহ ৷ দিনক দিনে এই পৰিস্থিতি অতি অৱনমিত হৈছে ৷ কিন্ত দিল্লীৰ চৰকাৰে মণিপুৰৰ ৰাইজক ন্যায় দিব পৰা নাই, হিংসা জৰ্জৰ পৰিৱেশটো সুস্থিৰ কৰিবলৈ তেওঁলোকে কোনো কৌশল ৰচনা কৰিব পৰা নাই ৷ তেওঁলোক যে চূড়ান্ত ব্যৰ্থ সেয়া প্ৰমাণ হৈ গ’ল ৷ এক দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ মাজুলীত উপস্থিত হৈ মণিপুৰৰ অগ্নিগৰ্ভা পৰিস্থিতিৰ সন্দৰ্ভত এইদৰে মন্তব্য কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷

শেহতীয়াকৈ উগ্ৰপন্থী সংগঠন সমূহৰ লগত ৰাম মাধৱ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিটো অগণতান্ত্ৰিক, আইনবিৰুদ্ধ সম্পৰ্ক সেয়াও স্পষ্ট ৰূপত দেখিবলৈ পোৱা গৈছে বুলি মন্তব্য কৰে অজাপৰ সভাপতিগৰাকীয়ে ৷ কিন্ত মণিপুৰৰ যি হিংসাত্মক পৰিস্থিতি, এই বিষয়বোৰ চৰকাৰে যেনে ধৰণে সমাধান কৰিব লাগে, যেনেধৰণৰ পৰিকল্পনাৰে কাম কৰিব লাগে তেনেদৰে নকৰি সাম্প্ৰদায়িক ৰহন সানিব খুজিছে ৷ আনকি ভাৰতৰ প্ৰধানমন্ত্ৰীও এইক্ষেত্ৰত মৌন হৈ আছে বুলি কয় কয় নেতাজনে ৷  

এইখন ভাৰতবৰ্ষত বৰ্তমান গণতন্ত্ৰ সংকটত, এইখন ভাৰতত বৰ্তমান প্ৰতিদিনেই মানুহ মৃত্যুমুখত পৰিবলগীয়া পৰিৱেশ, বিভিন্ন গোষ্ঠী সমূহৰ মাজত সৃষ্টি হোৱা অবিশ্বাস ইত্যাদি নিয়ন্ত্ৰণ কৰাত চৰকাৰ চূড়ান্ত ব্যৰ্থ হৈছে ৷ অথচ বিশ্বগুৰু হ’বলৈ আগবাঢ়িছে বুলি কয় লুৰীণজ্যোতি গগৈয়ে ৷ গতিকে চৰকাৰে এই বিষয় সমূহ চকু মেলি চাওক, প্ৰধানমন্ত্ৰী টোপনিৰ পৰা সাৰ পাওক, সজাগ হওক যাতে মণিপুৰী সকলে যাতে ভাবিব লগা নহয় যে, তেওঁলোকক অন্যায় কৰা হৈছে ৷ 

গতিকে এই সমস্যা চৰকাৰে অতি সোনকালে সমাধান কৰক যাতে আৰু নিৰীহ মানুহৰ প্ৰাণ যাব লগা নহয় বুলি চৰকাৰক আহ্বান জনায় লুৰীণজ্যোতি গগৈয়ে ৷

লগতে পঢ়ক: Lurinjyoti Gogoi on Big Dam: বলপূৰ্বক নদীবান্ধ নিৰ্মাণ নকৰিবলৈ চৰকাৰক সকীয়নি লুৰীণজ্যোতি গগৈৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.