Bajrang arms taining: বজৰং দলক নিষিদ্ধ কৰাৰ দাবী AIUDF বিধায়কৰ - ৰাষ্ট্ৰীয় বজৰং দল

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 1, 2023, 7:19 AM IST

দৰং, 1 আগষ্ট: দৰং জিলাৰ মঙলদৈ মহৰ্ষি বিদ্যা মন্দিৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় বজৰং দলৰ অস্ত্ৰ প্ৰশিক্ষণ শিবিৰক লৈ দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমানে আগবঢ়াইছে প্ৰতিক্ৰিয়া ৷ বিধায়ক মজিবুৰ ৰহমানে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত কয় যে, বজৰং দলৰ লগত আতংকবাদীৰ কিবা সম্পৰ্ক আছে নেকি ? যদি সম্পৰ্কই নাই বজৰং দলে অস্ত্ৰ ক’ত পালে ? বজৰং দলে অস্ত্ৰ প্ৰশিক্ষণ লোৱাৰ পূৰ্বে দৰং জিলা প্ৰশাসনৰ অনুমতি লৈছিল নে বুলিও প্ৰশ্ন উত্থাপন কৰিছে বিধায়কগৰাকীয়ে ৷

বজৰং দলে আত্মৰক্ষাৰ বাবে নহয়, এটা জাতিক টাৰ্গেট কৰিবলৈহে অস্ত্ৰ প্ৰশিক্ষণ লৈছে বুলি কয় এআইইউডিএফ বিধায়কগৰাকীয়ে ৷ দেশত শক্তিশালী প্ৰশাসন ব্যৱস্থা থকাৰ পিছতো বজৰং দলক আত্মৰক্ষাৰ প্ৰশিক্ষণ দিয়াৰ কাৰণ কি বুলি প্ৰশ্ন উত্থাপন কৰি বিধায়ক মজিবুৰ ৰহমানে অচিৰেই অসম চৰকাৰক বজৰং দলক অসমত নিষিদ্ধ কৰাৰ সমান্তৰালভাৱে প্ৰশিক্ষণত অংশ গ্ৰহণ কৰা সদস্যসকলক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে ৷

লগতে পঢ়ক : Bajrangdal gun practice: ভয়াৱহ পৰিস্থিতিৰ দিশে অগ্ৰসৰ হৈছে অসম; অখিল গগৈ

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.