thumbnail

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 2:24 PM IST

ETV Bharat / Videos

শিৱসাগৰলৈ ৰাজপথেৰে যাত্ৰা উৰাজাহাজৰ

ৰহা/চামগুৰি, ৮ জানুৱাৰী: ৰহাত সোমবাৰে উপস্থিত হয় এখন উৰাজাহাজ কঢ়িওৱা ট্ৰেইলাৰ । আজি পুৱা সাত বজাত গুৱাহাটীৰ পৰা আহি ৰহাত উপস্থিত হয় শিৱসাগৰ অভিমুখী উৰাজাহাজ কঢ়িওৱা ট্ৰেইলাৰখন । উল্লেখ্য যে, শিৱসাগৰৰ ব্যৱসায়ী হৰিপ্ৰসাদ হাজৰিকাই হোটেল ব্যৱসায়ৰ বাবে মুম্বাই এয়াৰপৰ্টৰ পৰা ক্ৰয় কৰিছিল এয়াৰ ইণ্ডিয়াৰ এখন ম্য়াদ উকলা উৰাজাহাজ । যোৱা ২৮ নৱেম্বৰত মুম্বাইৰ পৰা অনা এই উৰাজাহাজখন ৪১ দিনৰ মূৰত উপস্থিত হয় ৰহাত আৰু এটা দিনৰ পাছতে শিৱসাগৰৰ নিৰ্দিষ্ট স্থানত উপস্থিত হ'ব ।  

আজি এই উৰাজাহাজ চাবলৈ ৰহা চাৰিআলি, ৰহা টোলগেট আৰু অন্যান্য ঠাইত স্থানীয় লোকে ভিৰ কৰা দেখা যায় । উল্লেখ্য় যে বিমানখন আহি থাকোঁতে সন্মুখীন হৈছিল নানান বিজুতিৰ । বিহাৰ আৰু মুম্বাইৰ অভাৰব্ৰীজত লাগিও ধৰিছিল বিমানখন ৷ ১০০ ফুট দীঘল এখন ট্ৰেইলাৰত অনা হৈছে এই বিমানখন ৷ 

নগাঁৱৰ পুৰণিগুদামত পুৱাতেই দেখিবলৈ পোৱা গ'ল বিশেষ উৰাজাহাজখন । এই উৰাজাহাজখন চাবলৈ ভিৰ কৰিলে অগণন পুৰুষ -মহিলাই । বিশেষ উৰা জাহাজখন চাবলৈ পাই আনন্দত আত্মহাৰা লোক সকল । 

লগতে পঢ়ক:শিৱসাগৰত উত্তৰ-পূবৰ প্ৰথমখন বিমান ৰেস্তোৰাঁ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.