Dergaon news : দেৰগাওঁত ৰাইজৰ ৰোষত বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী - Poor road condition of Assam
🎬 Watch Now: Feature Video
দেৰগাঁও, 11 আগষ্ট : ৰাইজৰ ৰোষত দেৰগাঁৱৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী ৷ দেৰগাঁৱৰ কাকডোঙা ব্ল’কত এখন সভাত অংশগ্ৰহণ কৰি থকাৰ সময়তে বিধায়কক আৱদ্ধ কৰিলে ক্ষুব্ধ ৰাইজে ৷ চিতল পথাৰ অঞ্চলৰ এটা পথ পকীকৰণ নোহোৱাত ৰাইজে বিধায়কগৰাকীৰ বিৰুদ্ধে মুকলি ক্ষোভ প্ৰকাশ কৰে ৷
ব্লকৰ ভিতৰত বিধায়কে সভাত অংশগ্ৰহণ কৰি থকাৰ সময়তে ব্লকৰ বাহিৰত উত্তেজিত ৰাইজৰ বিধায়ক বিৰোধী ধ্বনিত উত্তাল হৈ পৰে ৷ বিধায়কজন বাহিৰলৈ ওলাই নহাত ক্ষোভত প্ৰতিবাদী ৰাইজে ব্ল’কৰ সভা কক্ষৰ ভিতৰলৈ সোমায় যোৱাত ওলাই আহিবলৈ বাধ্য হয় অসম গণ পৰিষদৰ বিধায়ক গৰাকী ৷
খঙত ফাটি পৰা ৰাইজে খোজ কঢ়াই কঢ়াই বিধায়কক চাবলৈ বাধ্য কৰালে বোকাময় বিধ্বস্ত পথ ৷ ভবেন্দ্ৰ নাথ ভৰালী হায় হায় ধ্বনিৰ মাজেৰেই বিধায়কগৰাকীক লৈ যোৱা হয় পথচোৱা চাবলৈ ৷ ৰাইজৰ এনে প্ৰতিবাদৰ পিছত বিধায়কগৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় । বৃহস্পতিবাৰৰ বিয়লি ঘটা এই ঘটনাৰ দেৰগাঁৱত আজিও ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে ৷
লগতে পঢ়ক : ACMS protest: প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীক লগত লৈ মজুৰি বৃদ্ধিৰ দাবীত চাহ শ্ৰমিকৰ প্ৰতিবাদ