thumbnail

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 11:48 AM IST

ETV Bharat / Videos

Maternity delivery in Majuli : চাৰিটা বছৰৰ পাচত মাজুলীৰ বনগাঁও ৰাজ্যিক চিকিৎসালয়ত প্ৰসূতিৰ প্ৰসৱ

মাজুলী, 19 অক্টোবৰ : মাজুলীৰ বনগাঁও ৰাজ্যিক চিকিৎসালয়ৰ সফলতা । চাৰিটা বছৰৰ অন্তত সীমিত সা-সুবিধাৰে চিকিৎসালয়খনত সফলতাৰে প্ৰসূতিৰ প্ৰসৱ কৰোৱা হয় । খোদ স্বাস্থ্যমন্ত্ৰীয়েও মাজুলীলৈ চিকিৎসক নাহে বুলি অসহায় মন্তব্য প্ৰকাশ কৰাৰ সময়তে মাজুলীৰ এইখন চিকিৎসালয়ৰ চিকিৎসা সেৱাই সংবাদ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে ।

চিকিৎসালয়খনৰ চিকিৎসক সুজিৎ ভূঞাৰ নেতৃত্বত মুঠ 6 চিকিৎসা কৰ্মীৰ সহযোগত নিৰ্মালী দাস নামৰ 25 বছৰীয়া প্ৰসূতিগৰাকীয়ে এটি ল’ৰা সন্তান জন্ম দিয়ে । প্ৰয়োজনীয় চিকিৎসা সঁজুলি থাকিলে চিকিৎসালয়খনত চিজাৰিয়ান প্ৰসৱো সম্ভৱ হৈ উঠিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে । পূব মাজুলীবাসীৰ লগতে উজনি মাজুলীবাসী ৰাইজে এই ক্ষেত্ৰত উপকৃত হ’ব বুলি চিকিৎসক সুজিৎ ভূঞাই জানিবলৈ দিয়ে ।

লগতে পঢ়ক : Nagaon theft incident : কাতি বিহুৰ উলহ মালহেৰ মাজতে নগাঁৱৰ মাহৰুলত ঘৰত চোৰৰ চাফাই অভিযান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.