thumbnail

Bhetapara advocate death news: মহানগৰীৰ ভেটাপাৰাত ডিঙি কটা অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ

By

Published : Apr 7, 2023, 9:14 PM IST

গুৱাহাটী, ৭ এপ্ৰিল : গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা । ডিঙি কটা অৱস্থাত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ । ভেটাপাৰাত কৰ্ণলতা পথৰ গৃহ নং ৬ সংঘটিত হৈছে এই ঘটনা । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কন্দৰ্প ওজাৰ মৃতদেহ উদ্ধাৰ হৈছে ভেটাপাৰাত ৷ জানিব পৰা মতে যোৱা নিশা প্ৰায় ৯ বজাতেই ঘৰৰ পৰা ওলাই গৈছিল ব্যক্তিজন । ওলাই গৈ ভেটাপাৰাৰ এখন মাংস কটা দোকানৰ পৰা দা এখন লৈ সম্বন্ধীয় মানুহৰ ঘৰলৈ যায় । ঘৰলৈ গৈ নিজে নিজে নিজৰ ডিঙি কাটি দি চিঞৰ বাখৰ লগাই যুৱকজনে । ইয়াৰ পিচতে পৰিয়ালৰ লোকে বশিষ্ঠ আৰক্ষীক খবৰ দিয়ে (Bhetapara advocate death news) ।

বশিষ্ঠ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । ঘটনাৰ পিছতে এইটো হত্যাকাণ্ড নে আত্মহত্যা তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ । ফৰেন্সিক পৰীক্ষাৰ অন্ততহে স্পষ্ট হ’ব মৃত্যুৰ প্ৰকৃত কাৰণ । যুৱকজনৰ পিতৃয়ে উল্লেখ কৰা অনুসৰি যুৱকজন কিছু দিনৰ পৰা মানসিকভাৱে অসুস্থ হৈ আছিল । তদুপৰি সম্বন্ধীয় মানুহৰ ঘৰত উপস্থিত হৈ যুৱকজনে নিজেই নিজকে কাটি পিতৃ-মাতৃয়ে কাটিছে বুলি চিঞৰিছিল বুলিও জানিবলৈ দিছে পিতৃয়ে (Guwahati Bhetapara advocate death news) ৷

লগতে পঢ়ক : Protest in Digboi: ডিগবৈত নিশা মৃতদেহ লৈ ৰাজপথ অৱৰোধ আটছাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.