thumbnail

Acid attack case: গোৰেশ্বৰত এচিড আক্ৰমণৰ ঘটনাৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

By

Published : Oct 25, 2022, 8:39 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

অৱশেষত গ্ৰেপ্তাৰ হ’ল গোৰেশ্বৰত সংঘটিত হোৱা এচিড আক্ৰমণৰ ঘটনাৰ মূল অভিযুক্ত ৷ সোমবাৰে নিশা গোৰেশ্বৰ আৰক্ষীয়ে অভিযান চলাই আটক কৰে এই ঘটনাৰ লগত জড়িত মূল অভিযুক্ত পিংকু বিশ্বাস আৰু গোপাল পালক (Acid attacker arrested at Goreswar) । আৰক্ষীয়ে জনোৱা মতে পিংকু বিশ্বাসে গোপাল পাল নামৰ সোণাৰী ব্যৱসায়ী গৰাকীৰ পৰা সংগ্ৰহ কৰি প্ৰত্যক্ষভাৱে এচিড আক্ৰমণ কৰিছিল মানিক দেৱনাথ নামৰ লোকজনক । উল্লেখ্য যে, বিগত ২৮ চেপ্তেম্বৰত গোৰেশ্বৰৰ কেৰ্পাভিঠা গাঁ‌ৱত সংঘটিত হৈছিল এই এচিড আক্ৰমণৰ ঘটনা (Acid attacked at Goreswar) । মানিক দেৱনাথ নামৰ লোক এজনক এচিডৰে আক্ৰমণ কৰিছিল এটা চাৰিজনীয়া দলে (Acid attack case ) । লগে লগে ঘটনা সন্দৰ্ভত গোৰেশ্বৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছিল ৷ ইতিমধ্যে এই গোচৰৰ আধাৰতেই আৰক্ষীয়ে তদন্ত কৰি গোৰেশ্বৰ আৰক্ষীয়ে পূৰ্বে তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল । যদিও ঘটনাৰ মূল অভিযুক্ত পিংকু বিশ্বাস আৰু গোপাল পালক আটক কৰিবলৈ সক্ষম হোৱা নাছিল ৷
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.