Jonai news:কৰ্মস্থলীত সুৰা পান কৰি ডেমকেয়াৰ কৰ্মচাৰীৰ উদ্দাম নৃত্য - জোনাইৰ পশু চিকিৎসা বিষয়াৰ কাৰ্যালয়

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 2:32 PM IST

জোনাই, ৭ অক্টোবৰ : আপোনালোকক দেখুৱাম জোনাইৰ ৰাজ্যিক মহকুমা পশু পালন পশু চিকিৎসা বিষয়াৰ কাৰ্যালয়ৰ ভিতৰৰ দৃশ্য ৷ কামৰ সলনি তাত দৰাচলতে চলে কি ? কৰ্মচাৰী নিজৰ কামক লৈ কিমান চিৰিয়াছ এই ভিডিঅ’টো চালেই আপোনালোকে গম পাব ৷ এজন কৰ্মচাৰীয়ে মদৰ আড্ডালৈ পৰ্যবসিত কৰিলে চৰকাৰী কাৰ্যালয় ৷ নিতৌ সুৰাৰ ৰাগীত অফিচত মাতাল হৈ থাকে এজন গাণনিক বিষয়া ৷ অফিচত মদ খোৱা নতুবা মদ খাই অফিচলৈ অহাতো তেওঁৰ বাবে তেনেই সাধাৰণ কথা ৷ নাম তেওঁৰ ধ্ৰুৱজ্যোতি শইকীয়া ৷

হাতত বিয়েৰ বটল, মুখত অশ্লীল ভাষা, সুৰাৰ ৰাগীত নিতৌ মাতাল হৈ কাৰ্যালয়ত উপস্থিত হয় এইজনা ধ্ৰুৱজ্যোতি শইকীয়া ৷ অফিচিয়েল সময়ত মদ খাব পৰাকৈ তেওঁৰ হাতত থাকে বহু সময়,  পিছে কাৰ্যালয়ত কাম কৰিব পৰাকৈ সক্ষম অৱস্থাতহে নাথাকে গাণনিক বিষয়া গৰাকী । এই দৃশ্য ধেমাজি জিলাৰ জোনাইস্থিত ৰাজ্যিক মহকুমা পশু পালন পশু চিকিৎসা বিষয়াৰ, কাৰ্যালয়ৰ ৷ ধ্ৰুৱজ্যোতি শইকীয়াৰ এই আচৰণে অফিচৰ পৰিৱেশ সম্পূৰ্ণৰূপে বেয়া কৰি পেলাইছে  ৷ কেতিয়াবা বিচনাত, কেতিয়াবা দুৱাৰৰ মুখত, কেতিয়াবা কাৰ্যালয়ৰ ফ্ল’ৰত আৰু কেতিয়াবা বাৰান্দাতে মদৰ বটল হাতত লৈ ইচ্ছা মতে বিচৰণ কৰি ফুৰে শইকীয়াই । ডেমকেয়াৰ শইকীয়াই কাকো কেৰপ নকৰে । সুৰাৰ ঘাটিলৈ পৰ্যবসিত কৰিছে তেওঁ চিকিৎসালয়ৰ কাৰ্যালয় । এনে বিষয়াৰ এই স্বৰূপ দেখাৰ পিচত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে হ’ব লক্ষণীয় ৷

লগতে পঢ়ক : Jonai news: স্বচক্ষে নেদেখিলে অনুমান কৰিব নোৱাৰি উন্নয়নৰ স্তৰ !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.