thumbnail

By

Published : Aug 17, 2023, 7:41 PM IST

ETV Bharat / Videos

ABVP flag damage: বঙাইগাঁও মহাবিদ্যালয়ৰ সন্মুখত ABVPৰ বেনাৰ ফলাক লৈ উত্তপ্ত পৰিস্থিতি

মাণিকপুৰ, 17 আগষ্ট : ছাত্ৰ ৰাজনীতিৰ নামত সস্তীয়া জনপ্ৰিয়তা লাভৰ বাবে এটা সংগঠনে আন এটা সংগঠনৰ ওপৰত বোকা ছটিওৱাৰ ৰাজনীতি সততে দেখি অহা হৈছে ৷ বৃহস্পতিবাৰে বঙাইগাঁও মহাবিদ্যালয় সন্মুখত আঁৰি থোৱা ABVP ৰ বেনাৰ ফালিলে কোনো অচিনাক্ত দুৰ্বৃত্তই । 

বুধবাৰে নিশাই কোনোৱে এই ঘটনা সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্যসকলে ৷ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্যসকলে কলেজলৈ অহা সময়ত এই ঘটনা প্ৰত্যক্ষ কৰি অসন্তুষ্ট হৈ পৰে । বেনাৰখনত লাচিত বৰফুকনৰ ফটো আছিল বুলি ক্ষোভ উজাৰে ছাত্ৰসকলে ৷ 

এই ঘটনাৰ পিচতে উদ্বিগ্ন হৈ পৰে এবিভিপিৰ সদস্যসকল । এবিভিপিৰ ইউনিট প্ৰস্তুতৰ বাবেই এই বেনাৰ লগোৱা হৈছিল বুলি সদস্যসকলে মত প্ৰকাশ কৰে ৷ 

লগতে পঢ়ক: Protest in Chachal: বড়োলেণ্ড ইউনিভাৰ্চিটিৰ উপাচাৰ্যক অপসাৰণৰ দাবীত প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.