Free Health check up Camp:ওদালগুৰিত নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ - আয়ুস মন্ত্ৰালয়
🎬 Watch Now: Feature Video
Published : Aug 30, 2023, 8:34 PM IST
ওদালগুৰি, 30 আগষ্ট : আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত বিনামূলীয়া মেগা স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হৈছে ৷ ওদালগুৰি মহাবিদ্যালয়ত আয়োজিত স্বাস্থ্য পৰীক্ষা শিবিৰত নিজৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ আহে প্ৰায় তিনিহাজাৰ লোক । নিজৰ স্বাস্থ্যৰ প্ৰতি আমি কিদৰে সচেতন হ’ব লাগে বা আয়ুৰ্বেদিক চিকিৎসা আৰু যৌগিক চিকিৎসাৰ দ্বাৰা মানুহ কেনেদৰে নিৰোগী হৈ থাকিব পাৰে তাৰ বাবে মানুহৰ মাজত সজাগতা সভাৰো আয়োজন কৰে নিখিল বড়ো ছাত্ৰ সন্থাই ।
এবছুৰ দ্বাৰা আয়োজন কৰা এই বিশাল স্বাস্থ্য শিবিৰত গুৱাহাটীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ সহযোগত এশ জনীয়া চিকিৎসকৰ দলে বিনামূলীয়াকৈ চিকিৎসা চলালে প্ৰায় ৩ হাজাৰ লোকৰ । বিনামূলীয়ালৈ বিতৰণ কৰা হ’ল ঔষধ ।
সমান্তৰালভাৱে যোগ শিবিৰ আৰু স্বাস্থ্য সজাগতা সভাৰো আয়োজন কৰে এবছুয়ে । অনুষ্ঠানত উপস্থিত থাকে এবছুৰ সভাপতি দ্বীপেন বড়ো । দৰিদ্ৰ লোকৰ সহায়ৰ লগতে স্বাস্থ্য সন্দৰ্ভত সজাগতা সৃষ্টি কৰিবলৈ এনেধৰণৰ বহু কেইটা বিশাল স্বাস্থ্য শিবিৰৰ আয়োজনৰ বিষয়ে জনালে দ্বীপেন বড়োই । আজিৰ এই শিবিৰত আয়ুস মন্ত্ৰালয় আৰু বিটিচি পৰিষদীয়া চৰকাৰেও সহযোগিতা আগবঢ়ায় ৷
লগতে পঢ়ক : Flood in Udalguri : ওদালগুৰি জিলাৰ নোৱা নৈৰ বিধ্বংসী ৰূপ; পানীৰ তলত কেবাখনো গাঁও