ABSU General Meet:এবছুৰ কেন্দ্ৰীয় অধিবেশনৰ বাবে সাজু হৈছে নেতৃত্ব - ABSU President Dipen Boro
🎬 Watch Now: Feature Video
Published : Oct 5, 2023, 1:23 PM IST
তিতাবৰ,5 অক্টোবৰ : অহা 2024 চনৰ জানুৱাৰী মাহৰ শেষৰ ফালে মেৰাপানীত অনুষ্ঠিত হ'ব এবছুৰ কেন্দ্ৰীয় অধিবেশন ৷ যাৰ বাবে বিশেষ তৎপৰ এবছুৰ নেতৃত্ব ৷ এবছুৰ কেন্দ্ৰীয় অধিবেশনৰ বাবে বুধবাৰে তেলীশালত গঠন কৰা হয় অভ্যৰ্থনা সমিতি । তেলীশালৰ ৰংগমঞ্চত বুধবাৰে এই সন্দৰ্ভত অনুষ্ঠিত হয় ৰাজহুৱা সভা ।
উক্ত সভাত উপস্থিত থাকে এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়ো, উপ-সভাপতি খ্ৰুমদাউ ৱাৰী, সম্পাদক খনেন বসুমতাৰী, উপদেষ্টা কুসুম স্বৰ্গীয়াৰী, বড়ো-কছাৰী স্বায়ত্ত কল্যাণ পৰিষদৰ উপ-মুখ্য কাৰ্যৱাহী ৰমিঅ' পি নাজাৰীৰ লগতে বিশিষ্ট ব্যক্তি ।
গোলাঘাট জিলা এবছুৰ সভাপতি সঞ্জয় ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অভ্যৰ্থনা সমিতি গঠনৰ ৰাজহুৱা সভাখনত গোলাঘাট জিলা বড়ো সাহিত্য সভা, বড়ো মহিলা কল্যাণ পৰিষদ, গোলাঘাট বাথৌ মহাসভা, গোলাঘাট জিলা সনাতন ব্ৰহ্ম ধৰ্মৰ বিষয়ববীয়া সকল উপস্থিত থাকে ।
এই অনুষ্ঠানতে এবছুৰ কেন্দ্ৰীয় সমিতিৰ অধিবেশনখনি সফল ৰূপায়ণৰ বাবে বড়ো কছাৰী স্বায়ত্ত কল্যাণ পৰিষদৰ উপ-মুখ্য কাৰ্যবাহী সদস্য ৰমিঅ' পি নাজাৰীক সভাপতি হিচাপে নিৰ্বাচিত কৰে ।
লগতে পঢ়ক:Terror of Wild Elephant :গোলাঘাটৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীৰ সন্ত্ৰাস,অনিষ্ট কৰিছে ধান