thumbnail

By

Published : Oct 26, 2022, 10:11 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

ETV Bharat / Videos

AASU leader died in road accident: জোনাইত দুৰ্ঘটনাত নিহত আছু কৰ্মী

জোনাইত মঙলবাৰে পথ দুৰ্ঘটনাত নিহত আছু কৰ্মী নিখিল গীমিৰৰ বুধবাৰে শেষকৃত্য সম্পন্ন কৰা হয়(Aasu Leader died in Road Accident) । জোনাইৰ লক্ষী নেপালী বস্তিৰ নিৱাসী শিৱলাল গীমিৰৰ পুত্ৰ নিখিল গীমিৰে ২৪ অক্টোবৰত মটৰ চাইকেলত গৈ থকা সময়তে জোনাইৰ কুলি তিনিআলিৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা প্ৰায় ১০ বজাত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়(Road Accident in National Highway) ৷ এই দুৰ্ঘটনাত নিখিল গুৰুতৰভাৱে আহত হোৱাত স্থানীয় ৰাইজ তথা পৰিয়ালৰ লোকে সংকটজনক অৱস্থাত ডিব্ৰুগড়স্থিত সঞ্জীৱনী নাৰ্চিং হোমত ভৰ্তি কৰে ৷ কিন্তু মঙলবাৰৰ সন্ধিয়া প্ৰায় ৪.৩০ বজাত ছাত্ৰ নেতাজনে শেষ নিশ্বাস ত্যাগ কৰে । মৃত ছাত্ৰ কৰ্মীজনক বুধবাৰে বিয়লি নিজ গৃহলৈ লৈ অনা হয় ৷ তেওঁক প্ৰথমতে জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । ছাত্ৰ নেতাজনৰ অকাল‌ মৃত্যুত পৰিয়াল তথা জোনাই ছাত্ৰ সন্থাৰ মাজত শোকৰ ছাঁ পৰিছে ।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.