Sankar Jyoti Baruah in Majuli; মাজুলীলৈ চিকিৎসক নাহে বুলি কোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক: শংকৰজ্যোতি বৰুৱা - মাজুলীক লৈ সকলোৱে গৌৰৱ কৰে

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 2:30 PM IST

মাজুলী, 9 অক্টোবৰ : ‘‘মাজুলী হ’ল সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান ৷ মাজুলীক লৈ সকলোৱে গৌৰৱ কৰে ৷ এনেকুৱা এখন ঠাইলৈ চিকিৎসক নাহে বুলি কোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক কথা । এই কথাষাৰ কোৱাৰ আগতে স্বাস্থ্যমন্ত্ৰীগাৰাকীয়ে আচলতে পদত্যাগ কৰিব লাগে ।’’ সোমবাৰে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷

উল্লেখ্য যে, শনিবাৰে মাজুলীৰ এখন ৰাজহুৱা সভাত অংশ লৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই মাজুলীলৈ চিকিৎসক নাহে, আহিব নিবিচাৰে বুলি মন্তব্য কৰিছিল ৷ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷

তেওঁ আৰু কয়, ‘‘মাজুলীত চৰকাৰে প্ৰথম আন্তঃগাঁঠনি ঠিক কৰক, চিকিৎসাৰ বাবে পৰ্যাপ্ত সুবিধা প্ৰদান কৰক । সকলো সুবিধা কৰিলে কিয় চিকিৎসক নাহিব !’’ নিজৰ দোষ ঢাকিবলৈ চিকিৎসকক দোষ দিয়া কাম নকৰিবলৈয়ো চৰকাৰক সকীয়নী প্ৰদান কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷

লগতে পঢ়ক : Ram Prasad Sharma Comment on BJP: দলে ঘৰ শত্ৰু বিভীষণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ; আৰ পি শৰ্মা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.