সবল গাঁও উন্নত অসম শ্ল’গানেৰে আৰম্ভ আপ অসমৰ গাঁৱলৈ যাত্ৰা কাৰ্যসূচী - AAp news
🎬 Watch Now: Feature Video
Published : Nov 16, 2023, 10:39 PM IST
সৰুপথাৰ, 16 নৱেম্বৰ: ‘‘ভাৰতবৰ্ষত 75 বছৰ ধৰি চলি থকা পৰম্পৰাগত ৰাজনৈতিক ব্যৱস্থাই জনসাধাৰণক গণতন্ত্ৰৰ সোৱাদ দিব পৰা নাই ৷ দেশত আৰু ৰাজ্যত আপৰ চৰকাৰ প্ৰতিষ্ঠা হ’লেহে দেশৰ জনতাই গণতন্ত্ৰৰ সোৱাদ পাব ৷’’ এই বক্তব্য প্ৰকাশ কৰিছে আপ অসমৰ ৰাজ্যিক উপ-সভাপতি ৰাজীৱ শইকীয়াই ৷ সৰুপথাৰ বিধানসভা সমষ্টিৰ চুঙাজান মাজগাঁও গাঁও পঞ্চায়তত আম আদমি পাৰ্টী, অসমে সমগ্ৰ অসমজুৰি আজিৰে পৰা ৰূপায়ণ কৰা ‘‘গাঁৱলৈ যাত্ৰা’’ কাৰ্যসূচী শুভাৰম্ভ কৰি আপৰ ৰাজ্যিক উপ-সভাপতিজনে এই বক্তব্য প্ৰকাশ কৰে ৷
"সবল গাঁও, উন্নত অসম" শ্ল’গানেৰে বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰা এই কাৰ্যসূচীৰ জৰিয়তে ৰাইজৰ অভাৱ অভিযোগৰ বুজ লোৱাৰ লগতে দলৰ সংগঠন শক্তিশালী কৰাত গুৰুত্ব দিয়া হৈছে ৷ আজিৰ কাৰ্যসূচীত আপৰ যুৱ শক্তিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক পবিত্ৰ বৰা, গোলাঘাট জিলাৰ যুটীয়া সম্পাদক লাটু শইকীয়া, ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ ৰাজ্যিক সদস্য অবিনাশ শৰ্মা, সৰুপথাৰ সমষ্টিৰ সভাপতি বিতুপন বৰা, সাধাৰণ সম্পাদক অমিয় গগৈ, আৰিফ আলী, আদি উপস্থিত আছিল ৷
লগতে পঢ়ক: বিগত দুবছৰত অসমত 8,756 জন প্ৰাক্তন উগ্ৰপন্থীক পুনঃসংস্থাপনৰ দাবী মুখ্যমন্ত্ৰীৰ