Silsako Beel eviction: শিলসাঁকোৰ উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ দাবীত আপৰ মৌন প্ৰতিবাদ - শিলসাঁকো

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 4:07 PM IST

গুৱাহাটী, ৩ ছেপ্টেম্বৰ : শিলসাঁকোৰ উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ দিয়াৰ দাবীত গুৱাহাটীৰ চানমাৰিত আম আদমি পাৰ্টিৰ মৌন প্ৰতিবাদ ৷ মুখত ক’লা কাপোৰ বান্ধি হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে আম আদমি পাৰ্টি অসমৰ সদস্যসকলে ৷ শিলসাঁকোত গৃহহীন হোৱা লোকৰ পক্ষ লৈ এই মৌন প্ৰতিবাদ সাব্যস্ত কৰে দলটোৱে ৷

প্ৰতিবাদ সাব্যস্ত কৰি আপ যুৱ শক্তিৰ সভাপতি ৰুদ্ৰাংকুৰ হাজৰিকাই কয় যে, জাতি, মাটি, ভেটি ৰক্ষাৰ কথা কোৱা চৰকাৰে কি কৰি আছে ? অসম চৰকাৰৰ এনে অমানৱীয় কাৰ্যক আম আদমি পাৰ্টীয়ে গৰিহণা দিছোঁ ৷ মানুহক কলা, বোবা, অন্ধ কৰি পেলালে বিজেপি চৰকাৰে ৷ চৰকাৰে আই মাতৃৰ কাপোৰ খুলিবলৈ বাধ্য কৰাইছে ৷ অসম এতিয়া দ্বিতীয় মণিপুৰ হ’বলৈ গৈ আছে ৷

তেওঁ পুনৰ কয় যে, এতিয়া শিলসাঁকোৰ মাটিত বহিৰাগত বণিয়াৰ নজৰ পৰিছে ৷ আজমল আৰু জিনজাৰ হোটেলৰ বিৰুদ্ধে একো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ অসমত মানুহৰ সুৰক্ষা নোহোৱা হৈছে ৷ বৰ্তমানৰ চৰকাৰখন পঞ্চ ইন্দ্ৰীয় বিকল এখন চৰকাৰ ৷ বহিৰাগত পুঁজিপতিয়ে তেওঁলোকৰ মুখ বন্ধ কৰাইছে ৷ শীঘ্ৰে উচ্ছেদিত পৰিয়ালক সংস্থাপন নিদিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে দলটোৰ নেতৃত্বই ৷ প্ৰতিবাদৰ পিছতে ৰাজ্যপাললৈ শিলসাঁকোত উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপনৰ দাবীত স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক : Silsako Beel eviction : শিলসাঁকোৰ জনতাৰ প্ৰতিবাদ নস্যাৎ কৰি তৃতীয় দিনাও চলিল প্ৰশাসনৰ বুলড’জাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.