thumbnail

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 4:50 PM IST

ETV Bharat / Videos

AAMSU Protest : নগাঁৱত আমছুৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

নগাঁও, 5 অক্টোবৰ : নগাঁও এপেক্স বেংকৰ সন্মুখত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ নগাঁও এপেক্স বেংকৰ সন্মুখত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে (আমছু) দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷

উল্লেখ্য যে মুঠ ৫ টা দাবীৰে বৃহস্পতিবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায় আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷ লগতে নগাঁও জিলা আযুক্তৰ জৰিয়তে প্ৰতিবাদস্থলীৰ পৰাই মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মুচাফাৰ হুছেইন কবিৰে ৷ লগতে আজিৰ এই কাৰ্যসূচীত সংগঠনটোৰ নগাঁও জিলাৰ বিষয়ববীয়াসকলৰ লগতে আঞ্চলিকৰ বিষয়ববীয়া সকল উপস্থিত থাকে ৷ 

লগতে পঢ়ক : ABMSU Ex-President joins UPPL : ৰাজনৈতিক পথাৰত নামিল এবিএমছুৰ প্ৰাক্তন সভাপতি আশ্ৰাফুল ইছলাম

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.