Special market run by women in Tingkhong: মহিলাৰ দ্বাৰা চালিত টিংখাঙৰ এখন বিশেষ বজাৰ - মহিলাৰ দ্বাৰা চালিত এখন বিশেষ বজাৰ
🎬 Watch Now: Feature Video
টিংখাং, 3 মাৰ্চ : এখন বিশেষ বজাৰ ৷ চৰ্চালৈ আহিছে মহিলাৰ দ্বাৰা চালিত এখন বিশেষ বজাৰ, যিখন বজাৰে এতিয়া ভাগ্য সলনি কৰিছে টিংখাঙৰ শতাধিক মহিলাৰ ৷ মহিলা সৱলীকৰণ তথা গ্ৰাম্য অৰ্থনীতিৰ ক্ষেত্ৰতো এই বজাৰখনে গ্ৰহণ কৰিছে বিশেষ ভূমিকা । টিংখাঙৰ এই বিশেষ বজাৰখনে ভাগ্য উদয় কৰিছে শতাধিক মহিলাৰ (special market run by women in Tingkhong) ৷
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সৌজন্যত, খণ্ড অভিযান পৰিচালনা গোট, টিংখাঙৰ উদ্যোগত প্ৰতিষ্ঠা লাভ কৰা এইখন টিংখাঙৰ সাপ্তাহিক মহিলা বজাৰ (market run by women in Tingkhong Assam) । সপ্তাহৰ প্ৰতি শুকুৰবাৰে টিংখাং গাঁও পঞ্চায়তৰ সমীপত বহা এই বজাৰখনক কেন্দ্ৰ কৰি টিংখাঙৰ শতাধিক মহিলাই ৰচিছে স্বাৱলম্বীতাৰ সপোন । টিংখাং উন্নয়ন খণ্ডৰ অধীনৰ টিংখাং, ধমন, শালমাৰী, শলগুৰি-টিপমীয়া, কুঁৱৰীৰগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত কেইবাটাও আত্মঃসহায়ক গোটৰ মহিলাসকলে বিক্ৰীৰ বাবে বজাৰলৈ লৈ আহে নিজে তৈয়াৰ কৰা বিভিন্ন প্ৰকাৰৰ সা-সামগ্ৰী ।
তাৰোপৰি মহিলাৰ দ্বাৰা চালিত এই শুকুৰবৰীয়া বজাৰখনত সতেজ শাক-পাচলিৰ পৰা আৰম্ভ কৰি পাটৰ কাপোৰ, ঘৰুৱা গামোচা, পিঠা পনা, মাছ মাংসকে আদি কৰি ৰংচঙীয়া ফুললৈকে সকলো উপলব্ধ হয় গ্ৰাহকৰ বাবে । মহিলা বজাৰখনক লৈ যথেষ্ট উৎসাহী উদ্যোক্তা তথা মহিলা বিক্ৰেতা সকল (a special market run by women)। মহিলা সকলে জানিবলৈ দিছে যে ৰাইজে ঘৰুৱা ভাৱে উৎপাদিত সামগ্ৰী ক্ৰয় কৰি ভাল পাইছে । সেয়ে এই বজাৰখন আদৰি লৈছে ৰাইজে ৷ প্ৰতি সপ্তাহতেই ভিৰ কৰেহি দূৰ-দূৰণিৰ ক্ৰেতাই । মহিলা সৱলীকৰণৰ কথা চৰকাৰৰ লগতে সমাজৰ বিভিন্ন স্তৰৰ লোকে কৈ থকাৰ মাজতে টিংখাঙৰ এই মহিলা বজাৰখন এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে আদৰ্শ স্বৰূপ হৈ পৰিছে ।
লগতে পঢ়ক : Religious Rally During Exam: পৰীক্ষা চলি থকাৰ সময়তে ডিব্ৰুগড়ত একাংশ ধৰ্মীয় উন্মাদে উলিয়ালে বিশাল সমদল