thumbnail

Life struggle of two brothers: এখন চাইকেল; শাকৰ এটা মেটমৰা বোজা; দুই ভাইৰ জীৱন সংগ্ৰাম

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 10:57 AM IST

দেৰগাঁও, 25 ছেপ্টেম্বৰ : ‘‘জীৱন যুদ্ধ’’... প্ৰত্যেকৰে বাবে ইয়াৰ সংজ্ঞা বেলেগ বেলেগ ৷ কিন্তু পখিলা খেদাৰ বয়সত ক্ষুধা নিৰ্বাৰণ আৰু দৰিদ্ৰ পিতৃ-মাতৃক সহায়ৰ উদ্দেশ্যে দুটি শিশুৱে লৈছে দায়িত্ব ভাৰ ৷ দুটি শিশুৰ জীৱন সংগ্ৰাম দেখিলে বা শুনিলে সেমেকিব আপোনাৰো দুচকু ৷

আমি ক’বলৈ লৈছো, সংসাৰ সংজ্ঞা নজনা-নুবুজা বিজিত মাৰ্দী আৰু অসীম মাৰ্দী নামৰ দুই মৰম লগা কণমাণিৰ জীৱন যুদ্ধৰ জীয়া কাহিনী ৷ দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰৰ কাষৰীয়া বানে ধোৱা অঞ্চলৰ দুই কণমানিয়ে কাৰোলৈ ভ্ৰূক্ষেপ নকৰি কৰি গৈছে ক্ষুধা নিৰ্বাৰণ বাবে চলোৱা চিৰ পৰিচিত জীৱন সংগ্ৰামখন ।

প্ৰতি দেওবাৰে নিজৰ গাঁৱৰ পৰা কচু, ঢেকীয়াকে আদি কৰি বিভিন্ন ধৰণ শাক-পাচলি দেৰগাঁও নগৰত বিক্ৰী কৰিবলৈ বহু কিলোমিটাৰ বাট কুৰি বাই আহে দুই ভাতৃ ৷ এখন চাইকেলত আগে-পিছে বান্ধি লয় নিজতকৈয়ো অধিক ওজনৰ শাক-পাচলিৰ ভাৰ ৷ দুই কণমাণিৰ লক্ষ্য খোজকাঢ়িয়েই নিজ লক্ষ্যত উপনীত হোৱা ৷

মাথোঁ এমুঠি অন্ন আৰু দৰিদ্ৰ পিতৃ-মাতৃক সহায় আগবঢ়োৱাৰ বাবে কৰি গৈছে এই সংগ্ৰাম ৷ সম্পৰ্কত দুয়ো ভাই-ককাইৰ বাবে এয়া দৈনন্দিন কামলৈ ৰূপান্তিত হৈছে ৷ কিন্তু ক্ষুধা নিৰ্বাৰণ সংগ্ৰামখনৰ সমান্তৰালভাৱে দুই কণমাণিয়ে প্ৰাথমিক শিক্ষা ক্ষেত্ৰখনো খামুচি ধৰি আছে ৷

লগতে পঢ়ক : Sorbhog News: চাহ-চিঙৰা বিক্ৰী কৰা 50 উৰ্ধৰ দুই ভগ্নীৰ কৰুণ জীৱন গাঁথা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.