Jorhat Brutal Murder Case: দাৰে ঘপিয়াই খুলশালীক হত্যা; আৰক্ষী জালত ভিনিহীয়েক

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 28, 2023, 9:22 PM IST

যোৰহাট, 28 ফেব্ৰুৱাৰী: ক্ৰমাৎ অপৰাধৰ ৰম্যভূমিলৈ পৰিণত হৈছে অসম ৷ অমৰজ্যোতি দে’ আৰু শংকৰী দে’ৰ চাঞ্চল্যকৰ ডাব’ল মাৰ্ডাৰ আৰু টীয়কত বন্ধুৰ নৃশংস হত্যাকাণ্ডৰ উত্তেজনা মাৰ নৌযাঁওতেই এইবাৰ যোৰহাটত অন্য এটা লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ যোৰহাটৰ তিতাবৰত ভিনিহীয়েকৰ দাৰ ঘাপত প্ৰাণ গ’ল খুলশালীৰ (Brother in law killed wife sister) ৷  

মঙলবাৰে তিতাবৰ বৰহোলা পহুকটীয়া শ্যাম গাঁৱত সংঘটিত হৈছে এই হত্যাকাণ্ডৰ ঘটনা (Brutal Murder Case at Tiitabar)। ৰেখা শ্যাম নামৰ এগৰাকী মহিলাক (৪৫) দাৰে ঘপিয়াই ঘপিয়াই হত্যা কৰে ভিনিহীয়েকে (Woman brutally killed) ৷ হত্যাকাৰীটোৰ নাম সজ্জন পাল বুলি জানিব পৰা গৈছে । সম্বন্ধত দুয়ো ভিনিহীয়েক আৰু খুলশালী বুলি জানিব পৰাৰ গৈছে । অৱশ্যে হত্যাকাণ্ডৰ কাৰণ এতিয়া জানিব পৰা হোৱা নাই যদিও সম্পত্তিৰ বাবে সজ্জনে এই নাৰকীয় ঘটনা সংঘটিত কৰিছে বুলি গাঁৱৰ লোকে সন্দেহ প্ৰকাশ কৰিছে ৷  

খুলশালীয়েকক হত্যা কৰি সজ্জন পলাবলৈ লওঁতেই গাঁৱৰ লোকে হত্যাকাৰীটোক ঘেৰি ধৰি উত্তম-মধ্যম সোধাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে ৷ ইতিমধ্যে হত্যাকাৰী সজ্জন পালক সংকটজনক অৱস্থাত যোৰহাটৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ৷  

ঘটনাস্থলীত বৰহোলা আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকক সোধা পোছা কৰিছে ৷ বাতৰি প্ৰকাশ কৰা পৰ্যন্ত হত্যাকাণ্ডৰ সন্দৰ্ভত অধিক তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই (Brutal murder in Jorhat) ৷  

এই হত্যাকাণ্ডক কেন্দ্ৰ কৰি শ্যাম গাঁৱত চেপা উত্তেজনাই বিৰাজ কৰিছে । উল্লেখ্য যে, ৰাজ্যত হত্যা আৰু অপৰাধজনিত ঘটনা ৰোধৰ বাবে আৰক্ষীয়ে সষ্টম হোৱাৰ পিচতো ৰাজ্যত দৈনিক সংঘটিত হ’বলৈ ধৰিছে হত্যাকাণ্ডৰ ঘটনা ৷ শেহতীয়াকৈ যোৰহাটত এজন ড্ৰাগছ আসক্ত যুৱকে বন্ধুৰ কথাত তৰ্কা-তৰ্কিত লিপ্ত হৈ বন্ধুক কটাৰীৰে ঘপিয়াই শিৰচ্ছেদ কৰিছিল ৷

ইয়াৰ পিচত বেগত বন্ধুৰ কটা শিৰ লৈ আৰক্ষীৰ ওচৰত নিজেই ধৰা দিছিল হত্যাকাৰীটোৱে ৷ আৰক্ষীৰ সন্মুখত নিজ বন্ধুক কেনেদৰে হত্যা কৰিছিল সমগ্ৰ ঘটনা অৱগত কৰিছিল অভিযুক্তটোৱে ৷ 

লগতে পঢ়ক: Gold merchant body recovered: পত্নী-কন্যাসহ সোণৰ ব্যৱসায়ীৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.