চাবুৱাত জল জীৱন মিছন প্ৰকল্পত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এটি শিশুৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 10:17 PM IST

thumbnail

মৰাণ, ২২ নৱেম্বৰ: চাবুৱাৰ ওদালগুৰিত শোকাৱহ ঘটনা । জল জীৱন মিছন প্ৰকল্পত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ৭ বছৰীয়া ছাত্ৰৰ । উন্মুক্ত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি ছাত্ৰজনৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে । মঙলবাৰে বিয়লি চাবুৱাৰ ওদালগুৰি লাইনৰ নিবাসী বিজয় কষ্টা আৰু সবিতা কষ্টাৰ একমাত্ৰ পুত্ৰ অভিজিৎ কষ্টাই জল জীৱন আঁচনিৰ প্ৰকল্পৰ সমীপৰ খেলপথাৰত ক্ৰিকেট খেলি আছিল । ক্ৰিকেটৰ বলটো দূৰলৈ যোৱাত প্ৰকল্পটোৰ পৰা আনিবলৈ গৈছিল অভিজিৎ ৷ সেইসময়তে উন্মুক্ত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি ছাত্ৰজনৰ মৃত্যু হয় । মৰণোত্তৰ পৰীক্ষাৰ অন্তত ওদালগুৰিলৈ মৃতদেহ লৈ অহাৰ পিচতে শোকৰ ছাঁ পৰে লাইনটোত । 

ঠিকাদাৰৰ গাফিলতিৰ ফলতেই ৭ বছৰীয়া ছাত্ৰজনে প্ৰাণ হেৰুওৱা বুলি দাবী কৰিছে অভিভাৱকৰ লগতে স্থানীয় লোকে ৷ জল জীৱন মিছন প্ৰকল্পত কাম কৰা ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । ঘটনাৰ পাছতে ঠিকাদাৰৰ সৈতে যোগাযোগ কৰিও কোনো ধৰণৰ সহযোগিতা লাভ নকৰাত অধিক ক্ষোভিত হৈ পৰিছে লোকসকল । মৃতকৰ পৰিয়ালক ক্ষতিপূৰণ আৰু দোষীক শাস্তি প্ৰদান নকৰা পৰ্যন্ত ক্ষান্ত নহয় বুলি ক্ষোভিত ৰাইজে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: ৰাজ্যসভাৰ সাংসদ কামাখ্যা তাছাৰ জুমুঠি জ্বলাই আছাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.