thumbnail

By

Published : Jul 19, 2023, 8:27 PM IST

ETV Bharat / Videos

A boy Missing in Lohit river: মাজুলীৰ চিতাদাৰ চুকত শোকাবহ ঘটনা

মাজুলী,19 জুলাই: মাজুলীৰ চিতাদাৰ চুকত শোকাবহ ঘটনা ৷ লোহিত নদীত সন্ধানহীন হ’ল এটি কিশোৰ ৷ জানিব পৰা মতে সমনীয়াৰ সৈতে লোহিত নদীত গা-ধুই থাকোতেই সন্ধানহীন হয় কিশোৰগৰাকী ৷ মাজুলীৰ ডেকাচাঙৰ সমীপত এই শোকাবহ ঘটনা সংঘটিত হয়। সন্ধানহীন কিশোৰটোৰ নাম ধৰ্মকান্ত পায়েং বুলি জানিব পৰা গৈছে । আনহাতে সন্ধানহীন ধৰ্মকান্ত পায়েংৰ কাপোৰ আৰু ছেণ্ডেল নদীৰ পাৰত উদ্ধাৰ হৈছে ৷  

প্ৰত্যক্ষদৰ্শীৰ মতে ‘কেইবাজনো কিশোৰে একেলগে গা-ধুই আছিল সেই স্থানত ৷’  ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু SDRF বাহিনী ৷ কিশোৰগৰাকীৰ সন্ধানত SDRF বাহিনীয়ে আৰম্ভ কৰিছে অভিযান ৷ কিন্তু বাতৰি সংগ্ৰহ কৰা সময়লৈকে কিশোৰগৰাকীৰ কোনো সন্ধান পোৱা নাই । এই ঘটনাই চাঞ্চল্যকৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷

লগতে পঢ়ক:Bhaona in Majuli lands in controversy: মাজুলীত গুৰু দুজনাৰ অমৰ সৃষ্টিক বিকৃতকৰণ !

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.