thumbnail

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 8:24 PM IST

ETV Bharat / Videos

ক’লা বজাৰত হাউলী ৰাসৰ লটাৰী টিকট, ৰঙাঘৰৰ বাট প্ৰশস্ত আঠজনৰ

বৰপেটা, ১৮ নৱেম্বৰ : হাউলী ৰাস মহোৎসৱৰ লটাৰী খেলৰ টিকট বিক্ৰীত ব্যাপক অনিয়ম । টিকটৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি ক’লা বজাৰত বিক্ৰী হৈছে হাউলী ৰাস মহোৎসৱৰ লটাৰী টিকট ।

এটা ১০০ টকীয়া লটাৰী টিকট বিক্ৰী হৈছে ৪০০-৫০০ টকাত । বৃহৎ দুষ্টচক্ৰ নামি পৰিছে এই অসাধু কাৰ্যত । টিকট ব্লেকাৰ চক্ৰৰ বিৰুদ্ধে হাউলী আৰক্ষীৰ অভিযান । অভিযানত গ্ৰেপ্তাৰ ৮ জনকৈ ব্লেকাৰ । ধৃত ৮ ব্লেকাৰ হৈছে ক্ৰমে ৰন্টু নাথ, ৰমুল দেউৰী, হৰ্ষজিৎ ৰামচিয়াৰী, নৱজিৎ নাথ, মৃন্ময় নাথ, অমূল্য দাস, সীমান্ত নাথ আৰু চন্দন দাস ।

ধৃত ব্লেকাৰ ৮ টাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ২৫ টাকৈ টিকটযুক্ত ২৪ খন বহীৰ মুঠ ৬০০ টা টিকট আৰু অতিৰিক্ত ১৫ টা টিকট । যিসময়ত এশ টকীয়া এটা লটাৰী টিকট ক্ৰয় কৰিবলৈ শ শ লোকে বোন্দাপৰ দি কাউন্টাৰৰ সন্মুখত পুৱা চাৰি-পাঁচ বজাৰ পৰা শাৰী পাতিব লগা হৈছে, সেই সময়তে কিন্তু টিকটৰ কৃটিম নাটনিৰ সৃষ্টি কৰি ব্লেকত বিক্ৰী কৰা হৈছে হাউলী ৰাস মহোৎসৱৰ লটাৰী টিকট ।

লগতে পঢ়ক : Howli Raas Mahotsav: হাউলী ৰাস মহোৎসৱৰ উপহাৰ কুপন খেল মুকলি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.