thumbnail

By

Published : Jan 26, 2023, 3:03 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

ETV Bharat / Videos

74 th Republic day celebrated in Kalgasia: কলগাছিয়াত মহকুমা ভিত্তিত গণৰাজ্য দিৱস পালন

সমগ্ৰ দেশৰ লগতে অসমতো বৃহস্পতিবাৰে ব্যাপক আয়োজনেৰে উদযাপন কৰা হয় ৭৪ সংখ্যক গণৰাজ্য দিৱস ৷ (Republic Day in Assam) ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লেখীয়াকৈ বৰপেটাতো উদযাপন কৰা হয় গণৰাজ্য দিৱস (74 th Republic day celebrated in kalgasia) কলগাছিয়াত জিলা প্ৰশাসনৰ উদ্যোগত পালন কৰা হয় ৭৪ তম গণৰাজ্য দিৱস ৷ 

জনীয়াৰ বিধায়ক ৰফিকুল ইছলামৰ উপস্থিতিত পতাকা উত্তোলন কৰে কলগাছিয়াত ঘোষিত মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি চন্দনা বৰুৱা বিৰকমিয়াই (Sub Divisional Magistrate in charge) । দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস আন ঠাইৰ লগতে কলগাছিয়াতো ৰাজহুৱাভাৱে মহকুমা ভিত্তিত উদযাপন কৰা হয় । গণৰাজ্য দিৱস উপলক্ষে কলগাছিয়াত আয়োজন কৰা হয় বিশেষ অনুষ্ঠানৰ ৷ 

কলগাছিয়া নৱজ্যোতি মহাবিদ্যালয়ৰ এন চি চি, এছ চি চি আৰু ৱাল্ড ডিফেঞ্চ একাডেমিয়ে পেৰেড প্ৰদৰ্শন কৰে আৰু মুক্তি যোদ্ধা ৰামকুমাৰ দাসক ৰাজহুৱাকৈ সম্বৰ্ধনা জ্ঞাপন কৰা হয় । তদুপৰি গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি আয়োজিত অনুষ্ঠানত কেইবাটাও সাংস্কৃতিক গোষ্ঠী তথা শিশুৱে দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰাৰ লগতে দেশপ্ৰেমসূলক গীতৰ আধাৰত নৃত্য প্ৰদৰ্শন কৰে । 

প্ৰশাসনৰ উদ্যোগত কলগাছিয়াত 74 সংখ্যক গণৰাজ্য দিৱস পালন কৰাৰ লগতে বৰপেটাতো জিলা প্ৰশাসনৰ উদ্যোগত পালন কৰা হয় 74 সংখ্যক গণৰাজ্য দিৱস ৷ বৰপেটা, কলগাছিয়াৰ লগতে কলগাছিয়াৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে বিভিন্ন স্থানীয় সংঘ আদিতো গণৰাজ্য দিৱসৰ আয়োজন কৰাৰ লগতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয় । 

উল্লেখযোগ্য যে, ৰাজধানী দিল্লীত দেশৰ ৰাষ্ট্ৰপতি দ্ৰুপদী মুৰ্মুৱে পতাকা উত্তোলন কৰে ৷ আমাৰ ৰাজ্যখনত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱস আয়োজন কৰা হয় গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত (Khanapara Veterinary College grounds) ৷ পুৱা ৯ বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্তোলন কৰে গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা ।

লগতে পঢ়ক : 74 th Republic Day in Assam: বৰপেটাত আয়োজিত গণৰাজ্য দিৱসত আকৰ্ষণীয় প্ৰতীক পট প্ৰদৰ্শন

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.